অসম

assam

ETV Bharat / state

ৰূপহীহাটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন - 'পৰাক্ৰম দিৱস' হিচাপে উদযাপন

ৰাষ্ট্ৰজুৰি স্বাধীনতা সংগ্ৰামৰ মহান বীৰ গৰাকীক শ্ৰদ্ধা জনাবলৈ 'পৰাক্ৰম দিৱস' হিচাপে উদযাপন কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ‌বান জনোৱাৰ সমান্তৰালকৈ ৰূপহী শংকৰদেৱ শিশু নিকেতনত বিপ্লৱী নেতাগৰাকীৰ জন্মজয়ন্তী পালন কৰা হয় ।

ৰূপহীহাটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন
ৰূপহীহাটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন

By

Published : Jan 23, 2021, 2:15 PM IST

ৰূপহীহাট, ২৩ জানুৱাৰী: সমগ্ৰ দেশ তথা অসমৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে নগাঁও জিলাৰ ৰূপহীহাটতো ১২৫ সংখ্যক সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী পালন কৰা হয় । ৰাষ্ট্ৰজুৰি স্বাধীনতা সংগ্ৰামৰ মহান বীৰ গৰাকীক শ্ৰদ্ধা জনাবলৈ 'পৰাক্ৰম দিৱস' হিচাপে উদযাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ‌বান জনোৱাৰ সমান্তৰালকৈ ৰূপহী শংকৰদেৱ শিশু নিকেতনত বিপ্লৱী নেতাগৰাকীৰ জন্মজয়ন্তী পালন কৰা হয় । নেতাগৰাকীৰ স্মৃতিত বিদ্যালয়খনৰ শিক্ষ-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে নেতাজীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰূপহীহাটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন

ইফালে ৰূপহী শংকৰদেৱ শিশু নিকেতনৰো শনিবাৰে ৰূপালী জয়ন্তী । এই উপলক্ষে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ । পুৱাই পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰো শুভাৰম্ভ কৰা হৈছে । উল্লেখ্য যে, ১৯৯৭ চনৰ আজিৰ দিনটোতে ৰূপহীত প্ৰতিষ্ঠা হৈছিল শিক্ষানুষ্ঠানখনৰ ।

লগতে পঢ়ক: তিনি মহাদেশৰ দহখন ৰাষ্ট্ৰৰ বিষয়া প্ৰতিনিধিৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন

ABOUT THE AUTHOR

...view details