নগাঁও, ২০ মে’ :অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে শনিবাৰে বদলি কৰা হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক । জোনমণি ৰাভা মৃত্যু সংঘটিত হোৱাৰ সময়ত থকা আৰক্ষী অধীক্ষক লীনা দলেক শনিবাৰে হাইলাকান্দিলৈ বদলি কৰাৰ লগতে হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে বদলি কৰা হয় (Navneet Mahanta appointed as a SP of Nagaon)। আনহাতে, লখিমপুৰত আৰক্ষী অধীক্ষক হিচাবে নিযুক্তি দিয়া হৈছে IPS বিষয়া আনন্দ মিশ্ৰক ৷
আনহাতে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছিল এখন বিশেষ জাননী ৷ সেই জাননী অনুসৰি, জিলাখনৰ বিভিন্ন আৰক্ষী থানা তথা আৰক্ষী চকীত কৰ্মৰত ১৪৮ জনকৈ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ দিয়া হৈছিল (148 police personal transferred in Nagaon) ।
নগাঁও আৰক্ষী বদলি সমিতিৰ সিদ্ধান্ত মৰ্মে জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেৰ এক নিৰ্দেশ অনুযায়ী বদলি কৰিছিল নগাঁও আৰক্ষীৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত ১৪৮ গৰাকীকৈ কনিষ্টবলক । অসম আৰক্ষী আইন, ২০০৭-ৰ ৪৬ নম্বৰ ধাৰা অনুসৰি এই বদলিৰ নিৰ্দেশ দিয়া হৈছিল ।