অসম

assam

ETV Bharat / state

নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ - দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা

নগাঁৱত নেত্ৰালয় কেন্দ্ৰ মুকলি । দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা

Naugaon Sankardev Netralay inauguration

By

Published : Sep 1, 2019, 10:34 PM IST

নগাঁও, 1 ছেপ্তেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ । নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত দেওবাৰে কেন্দ্ৰটো শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই । দেওবাৰৰ পৰা মুকলি হোৱা শংকৰদেৱ নেত্ৰালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিজন লোকে লাভ কৰিব বিনামূলীয়া চকুৰ চিকিৎসা । চকুৰ অস্ত্ৰোপচাৰ পৰ্য্যন্ত বিনামূলীয়াকৈ লাভ কৰিব দৰিদ্ৰ লোকে । বিগত সময়ত শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে দুই হাজাৰৰো অধিক লোকে লাভ কৰিছে চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ ।

নগাঁৱত মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয় কেন্দ্ৰ

ABOUT THE AUTHOR

...view details