অসম

assam

By

Published : Jun 9, 2021, 7:53 PM IST

ETV Bharat / state

কলিয়াবৰত ব্ৰইলাৰ বিক্ৰীত ব্যস্ত এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

এসময়ত ক্ৰীড়াক্ষেত্ৰৰ জৰিয়তে সমগ্ৰ দেশৰ ভিতৰতে অসমক গৌৰাৱান্বিত কৰা খেলুৱৈসকলৰ আজিৰ অৱস্থা কেনেকুৱা আপুনি জানেনে ? বহু তেনে খেলুৱৈ আজি ব্যৱসায়ত নামিছে, কোনোৱে দিন হাজিৰা কৰিছে, বহুতে আকৌ শাক-পাচলি বিক্ৰী কৰিছে । চৰকাৰৰ অৱহেলাৰ বাবে আজি দুৰ্ভোগ ভূগিছে এনে বহু ক্ৰীড়াবিদে । আজি আমি ক'ব বিচাৰিছো তেনে এগৰাকী খেলুৱৈৰ কথা । যিয়ে বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতিনিধিত্ব কৰিছিল । কিন্তু তেওঁ আজি ব্ৰইলাৰ বিক্ৰী কৰিহে পৰিয়াল পোহপাল দিছে ।

national-woman-footballer
কলিয়াবৰত ব্ৰইলাৰ বিক্ৰীত ব্যস্ত এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

কলিয়াবৰ,9 জুন:মাংস বিক্ৰী কৰি থকা এই গৰাকী কোনো সাধাৰণ মহিলা নহয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ এইগৰাকী কুন্তী দীগাল । এসময়ৰ মহিলা ফুটবল দলৰ মিড ফিল্ডাৰ কুন্তীয়ে বহুবাৰ বুটলিছে ৰাষ্ট্ৰীয় সন্মান । সাতবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ফুটবল দলটোক প্ৰতিনিধিত্ব কৰিছিল কুন্তীয়ে। কিন্তু সময়ে সকলো সলনি কৰিলে । ব্ৰইলাৰ বিক্ৰী কৰাৰ লগতে কলিয়াবৰ মহকুমাৰ শাকমুঠীয়া চাহ বাগিচাৰ ফেক্টৰীত দিন হাজিৰা কৰে এইগৰাকী খেলুৱৈয়ে ।

কলিয়াবৰত ব্ৰইলাৰ বিক্ৰীত ব্যস্ত এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

ছাত্ৰী অৱস্থাৰ পৰাই ত্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল কুন্তী । পঞ্জাৱ, বিশাখাপট্টম আৰু অসমত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ মহিলা ফুটবল দলত আছিল কুন্তী । কেৱল এয়াই নহয় বহুতো স্থানত অনুষ্ঠিত ফুটবল প্ৰতিযোগীতাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল । ২০০৩ চনত মিজোৰামৰ আইজলত অনুষ্ঠিত হোৱা উ: পূ: ক্ৰীড়া সমাৰোহত তৃতীয় স্থান লাভ কৰা অসম মহিলা ফুটবলৰ অন‍্যতম সদস‍্য আছিল কুন্তী। ২০০৭ চনত উৰিষ‍্যাৰ ৰুড়কেল্লাত হোৱা চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাতো তেওঁ অসম দলৰ সদ‍স‍্য আছিল ।

কলিয়াবৰত ব্ৰইলাৰ বিক্ৰীত ব্যস্ত এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

সমান্তৰালকৈ তেওঁ হকী খেলৰ যোগেদিও বিভিন্ন সময়ত খ্যাতি অৰ্জন কৰিছে । কিন্তু দুৰ্ভাগ্যবশত অসমৰ হকে ত্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়োৱা এইগৰাকী খেলুৱৈ আজি সকলো ফালৰ পৰাই বঞ্চিত । পৰিয়াল পোহপাল দিবলৈ এনেদৰে সংগ্ৰাম কৰিব লগীয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীয়ে । কলিয়াবৰৰ এইগৰাকী খেলুৱৈৰ এনে অৱস্থা দেখি ক্ষোভিত হৈছে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা ।

পূৰ্বে কোনো ধৰণৰ সহায় পোৱা নাই যদিও কুন্তীয়ে আজি বিচাৰিছে চৰকাৰৰ কিছু সহায় । জীৱন সংগ্ৰামত অকনমান চৰকাৰী সহায়ে হয়টো তেওঁৰ বাবে হ'ব যথেষ্ট । অৱশ্যে চৰকাৰৰ প্ৰতি বেছি আশাও কৰা নাই কুন্তীয়ে । কুন্তীৰ দৰে একোগৰাকী নিষ্ঠাৱান খেলুৱৈয়ে যদি এনেদৰে নিৰাশ হ'বলগীয়া হয় তেনেহ'লে ভৱিষ্যতে কোনোৱে বৃত্তিমুখী শিক্ষাৰ বিপৰীতে এনেদৰে ক্ৰীড়াক্ষেত্ৰক আঁকোৱালি ল'বলৈ সাহস কৰিব নে ? কেৱল কুন্তীয়ে নহয় ৰাজ্যত আৰু বহু এনে প্ৰতিভাৱান খেলুৱৈ আছে যিয়ে আজি চৰকাৰৰ অৱহেলাৰ বাবে শাক-পাঁচলি বিক্ৰী কৰিছে, গাড়ী চলাইছে বা দিন হাজিৰা কৰিছে । এইসকল ক্ৰীড়াবিদক সহায় কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰত লগা কলংক আঁতৰাবলৈ সক্ষম হ'ব নে নতুন চৰকাৰখন ? অপেক্ষা মাথো সুদিনলৈ ।

লগতে পঢ়ক:সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details