অসম

assam

ETV Bharat / state

কলিয়াবৰত তিনিদিনীয়াকৈ "ৰাষ্ট্ৰীয় প্ৰকৃতি শিৱিৰ কাৰ্য্যসূচী" - SCIENCE

কলিয়াবৰত 'অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ'ৰ সহযোগত আৰু 'আৰ্থ-সামাজিক সজাগতা আৰু পৰিৱেশ সুৰক্ষা সমাজ'ৰ ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীৰ মাজত তিনিদিনীয়াকৈ "ৰাষ্ট্ৰীয় প্ৰকৃতি শিৱিৰ কাৰ্য্যসূচী"

কলিয়াবৰত তিনিদিনীয়াকৈ "ৰাষ্ট্ৰীয় প্ৰকৃতি শিৱিৰ কাৰ্য্যসূচী"

By

Published : Apr 25, 2019, 8:51 PM IST

কলিয়াবৰ, 25 এপ্ৰিল: বৃহস্পতিবাৰৰ পৰা কলিয়াবৰৰ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়াকৈ "ৰাষ্ট্ৰীয় প্ৰকৃতি কাৰ্য্যসূচী" আৰম্ভ হৈছে । অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা শিৱিৰত কলিয়াবৰ মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে । শিৱিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় সমিতিৰ সদস্য জয়ন্ত কুমাৰ শৰ্মাই ।

লগতে পঢ়ক: জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (ভাৰপ্ৰাপ্ত) বাৰ্বী হাজৰিকা, কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰিঞ্জু ভঁৰালী । শনিবাৰলৈ চলিব লগা প্ৰকৃতি শিৱিৰত স্থানীয় বনাঞ্চল সমূহৰ লগত পৰিচয় কৰি দিয়াৰো ব্যৱস্থা কৰিছে বুলি শিৱিৰ সমন্বয়ক ভবেন বৰুৱাই জনাইছে ।

ABOUT THE AUTHOR

...view details