কলিয়াবৰ, ১১ নৱেম্বৰ :শনিবাৰে দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস । স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০০৮ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে । সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী মৌলানা আবুল কালাম আজাদ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫৮ চনৰ ২ ফেব্ৰুৱাৰীলৈকে দেশৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বত আছিল । তেওঁ শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল ।
আনহাতে, এনে এটা দিনতে দেশজুৰি আলোচিত হৈছে বৈদিক গণিতৰ প্ৰচলন আৰু পাঠ্যক্ৰমৰ পৰা 'India'ৰ ঠাইত 'ভাৰত' কৰাৰ সিদ্ধান্ত । অৱশ্যে বৈদিক গণিতৰ অসমত প্ৰচলনৰ এক কচৰৎ কামৰূপ মহানগৰ জিলাত পাইলট প্ৰজেক্ট হিচাপে অহা ফেব্ৰুৱাৰী মাহলৈকে চলিব । তাৰ পাছত আগন্তুক শিক্ষা বৰ্ষত এই বৈদিক গণিত পাঠ্যক্ৰম সংযোগ এক প্ৰকাৰ নিশ্চিত বুলি ধৰিব পাৰি । আনহাতে, এনচিইআৰটি পাঠ্যক্ৰমৰ পৰা 'India'ৰ ঠাইত 'ভাৰত' কৰাটো এই চৰকাৰে সিদ্ধান্ত লৈছে, যিটো এক আশ্চৰ্যকৰ সিদ্ধান্ত ।
অৱশ্যে এনচিইআৰটি কৰ্তৃপক্ষই এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই । উল্লেখযোগ্য যে বৈদিক গণিত হ'ল গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ, যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায় । এই গ্ৰন্থখন ১৯৬৫ চনত লেখক স্বামী শ্ৰীভাৰতী কৃষ্ণ তীৰ্থৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত প্ৰকাশ পাইছিল । গ্ৰন্থখনত মুঠতে ১৬ টা সূত্ৰ আছে, যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ-হৰণ সহজে কৰিব পৰা যায় । লেখকৰ মতে, এই সূত্ৰ আৰু উপ-সূত্ৰসমূহ হিন্দু ধৰ্মৰ গ্ৰন্থ বেদসমূহৰ পৰা লোৱা ।
কিন্তু লেখকৰ এই দাবী তেতিয়াৰে পৰাই বহু গৱেষকে অগ্ৰাহ্য কৰি আহিছে । ভাৰতী কৃষ্ণ তীৰ্থই এই সূত্ৰসমূহৰ প্ৰকৃত উৎসসমূহৰ তথ্য দিয়াত ব্যৰ্থ হৈছিল । গৱেষকসকলে এই সূত্ৰসমূহৰ সংযোগ পুৰণি বৈদিক সময়ত প্ৰচলিত ভাৰতীয় গণিতৰ লগত নাই বুলিয়েই ক'ব বিচাৰে আৰু এই সূত্ৰসমূহক ক্ষীপ্ৰভাৱে পাটিগণিতীয় অংক কৰিব পৰা কিছুমান কৌশল বুলি ক'ব বিচাৰে । এই গণিতে প্ৰচলিত গাণিতিক বিধিসমূহক উলঙ্ঘা কৰি ছাত্ৰ-ছাত্ৰীক বিপদত পেলাব বুলি বিজ্ঞ মহলে আশঙ্কা প্ৰকাশ কৰিছে ।
গণিতভীতি দূৰ কৰাৰ পৰিৱৰ্তে ই ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত বোজাহে হ'ব । যিটো সময়ত পাঠ্যক্ৰমৰ বোজা কমোৱাৰ নামত পাঠ্যক্ৰমৰ পৰা মোগলৰ অধ্যায় আঁতৰাই পেলোৱা হৈছে, সেই সময়তে বৈদিক গণিতৰ অন্তৰ্ভুক্তি এক নুবুজা সাঁথৰ । বৈদিক গণিতত মুঠতে ১৬ টা সূত্ৰ আৰু ১৩ টা উপ-সূত্ৰ আছে । এই সূত্ৰ, উপ-সূত্ৰসমূহৰ যোগেদি পূৰণ-হৰণৰ পৰা আৰম্ভ কৰি বৰ্গমূল নিৰ্ণয়, বিভাজ্যতা নিৰ্ণয় আদিও কৰিব পাৰি । ইয়াৰ লগতে গ্ৰন্থখনত এলজেব্ৰা, জ্যামিতি, কেলকুলাছ আদিৰো উল্লেখ আছে ।