অসম

assam

ETV Bharat / state

NRCৰ পৰা বাদ পৰিল স্বাধীনোত্তৰ কালৰ ডাক বিভাগৰ কৰ্মচাৰীৰ নাম - বটদ্ৰৱা বৰহিছা গাঁৱ

বটদ্ৰৱাত পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰীৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত ন’হল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকাত ৷ ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ নাম NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ৷ অঞ্চলটোত পঞ্চায়ত কৰ্মচাৰীসহ 23 জন লোকৰ নাম বাদ পৰিছে ৷ ইয়াক লৈ সমগ্ৰ বটদ্ৰৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

NRCৰ পৰা বাদ পৰিল স্বাধীনোত্তৰ কালৰ ডাক বিভাগৰ কৰ্মচাৰীৰ নাম

By

Published : Aug 31, 2019, 5:58 PM IST

বটদ্ৰৱা, 31 আগষ্টঃ প্ৰকাশিত হ’ল চূড়ান্ত NRC ৰ তালিকা ৷ বটদ্ৰৱাত পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰীৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত ন’হল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকাত ৷ স্বাধীনোত্তৰ কালৰ পৰা বটদ্ৰৱা বৰহিছা গাঁৱত বসবাস কৰি অহা ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ নাম NRC ৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ৷ NRC ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ দিয়াৰ পিছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে পৰিয়ালটোয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি অঞ্চলটোত পঞ্চায়ত কৰ্মচাৰীসহ 23 জন লোকৰ নাম বাদ পৰিছে ৷ ইয়াক লৈ সমগ্ৰ বটদ্ৰৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

NRCৰ পৰা বাদ পৰিল স্বাধীনোত্তৰ কালৰ ডাক বিভাগৰ কৰ্মচাৰীৰ নাম

ABOUT THE AUTHOR

...view details