বটদ্ৰৱা, ৪ জুনঃনগাঁও জিলাৰ জাজৰিত কোৱাৰেন্টাইন কেম্পত নিশা কৰ্তব্য পালন কৰি থকা অৱস্থাতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰা নামৰ লোকজনক জাজৰি আৰক্ষীয়ে গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰে ৷ নিজৰ কাম কৰি থকা সময়ত কি কাৰণে ব্যক্তিজনক আৰক্ষীয়ে মাৰ ধৰ কৰা ঘটনাটোক কেন্দ্ৰ কৰি শতাধিক পুৰুষ মহিলাই জাজৰি থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। সম্প্ৰতি ফণীধৰ বৰা সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুঁজি আছে । আনহাতে সম্পাদক জনক প্ৰহাৰ কৰা আৰক্ষী কনিষ্টবল দুজন ক্ৰমে পৰেশ শৰ্মা আৰু আটিকুৰ ৰহমান । ইপিনে বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই কোনো উচ্চ পদস্থ আৰক্ষী বিষয়া ।
জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক পুৰুষ মহিলাৰ - আটিকুৰ ৰহমান
জাজৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰত এজন ব্যক্তিক মাৰ ধৰ কৰাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বৃহস্পতিবাৰে ৷
![জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক পুৰুষ মহিলাৰ jajori police station public protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-01:24-a-btdva-801-4jun-jajori-police-station-gharou-pranjal-bora-04062020125001-0406f-1591255201-932.jpg)
জাজৰি আৰক্ষী থানা ঘেৰাও