নগাঁও,2জুলাইঃ নগাঁও জিলাত ন্যায়িক দণ্ডাধীশসহ পাঁচজনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে । দুজনকৈ ন্যায়িক দণ্ডাধীশ সহ পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অবস্থিতি। দুই ন্যায়িক দণ্ডাধীশ ইকবাল আহমেদ আৰু চালেহ আহমেদ সহ কাৰ্যালয় সহায়ক নীলাভ নয়ন ডেকা, জাৰিকাৰক দিলদাৰ হুছেইন খান আৰু পিয়ন মৃন্ময় জ্যোতি বৰা আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।
শুক্ৰবাৰে ছেনিটাইজ কৰিব নগাঁৱৰ জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়। আক্ৰান্ত কেইগৰাকীৰ সংৰ্স্পশলৈ নগাঁৱৰ হুজ ৰঙাগড়াৰ এগৰাকী কিশোৰী অহাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁও জিলা উপায়ুক্তই । কিছুদিন পূৰ্বে অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰি হাজিৰ কৰোৱা হৈছিল নগাওঁ আদালতত।