নলবাৰী,10 মাৰ্চ: নলবাৰী সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী নগেন ডেকাই আজি মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিল কৰা পূৰ্বে নলবাৰীৰ হৰি মন্দিৰৰ লখিমী পথাৰত আয়োজন কৰা অসম জাতীয় পৰিষদৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে নগেন ডেকাই ৷
ইয়াৰ পাচতে দলীয় কৰ্মীৰ সৈতে সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় নগেন ডেকা ৷ ইফালে নগেন ডেকাক গামোচা পিন্ধাই আদৰণি জনাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা উমেশ চক্ৰৱৰ্তীয়ে ৷