নগাঁও, ১৫ নৱেম্বৰ : বিগত কিছুদিন ধৰি নগাঁৱত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (crime situation increases in Nagaon) । বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে জিলাখনত । অপৰাধ আৰু অপৰাধীৰে যেন একপ্ৰকাৰ ভৰি পৰিছে নগাঁও । তাৰ মাজতে শেহতীয়াকৈ নগাঁৱত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ (Nagaon Youth mysterious death) ।
উল্লেখ্য, উক্ত ৰহস্যজনক ঘটনাটো সংঘটিত হয় বিগত ৮ নৱেম্বৰত । নিহত যুৱকজনৰ পৰিয়ালৰ লোকে দিয়া বিবৰণী অনুসৰি, ৮ নৱেম্বৰৰ নিশা নগাঁৱৰ শেনছোৱাৰ কল্যাণজ্যোতি শইকীয়া নামৰ যুৱকজন বন্ধুৰ সৈতে ৰাস চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল (Raas Leela in Nagaon) । কিন্তু ৰাস চাই উভতি অহাৰ পথত বন্ধুৰ সৈতে যুৱকজনৰ তৰ্ক-বিতৰ্ক হোৱা বুলিও পৰিয়ালৰ সূত্ৰত প্ৰকাশ ।
তাৰ পিছতে শেনছোৱাৰ হালধিআটি খেলপথাৰৰ সমীপত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ (dead body recovered in Nagaon) । প্ৰথমাৱস্থাত যুৱকজনৰ মৃত্যু এক পথ দুৰ্ঘটনা বুলি ধাৰণা কৰি হৈছিল যদিও পৰিয়ালৰ লোকে কিন্তু সহজভাৱে ল'ব পৰা নাই যুৱকজনৰ মৃত্যুক (allegation to killed friend in Nagaon) ।