নগাঁও, 23 জুলাই : নগাঁৱত পুনৰ অঘটন ৷ অপৰাধীৰ ৰম্যভূমিলৈহে যেন পৰিণত হৈছে নগাঁও চহৰ ৷ শনিবাৰে নগাঁৱৰ চহৰৰ সমীপৱৰ্তী অঞ্চল হেৰাপত্তিত জাকিৰ হুছেইন নামৰ এজন যুৱকক নিজ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত একে অঞ্চলৰ ৰচিদুল ইছলাম নামৰ এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে (Nagaon youth attacked with sharp weapon) । চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জাকিৰ হুছেইন ৷
তাৰ পাচত স্থানীয় লোকৰ তৎপৰতাত আহত জাকিৰক ভৰ্তি কৰা হয় নগাঁও অসামৰিক চিকিৎসালয়ত ৷ বৰ্তমান অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জাকিৰ । আনহাতে, এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, অভিযুক্ত ৰাচিদুল নগাঁৱত সংঘটিত বিভিন্ন অপৰাধজনিক কামৰ লগত জড়িত ৷ এই অপৰাধৰ আলমতেই কিছুদিন পূৰ্বে নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাইছিল ৰচিদুলৰ ঘৰত । তাৰ পাচতে ৰাচিদুলে তেওঁৰ ব্যৱসায় সন্দৰ্ভত চুবুৰীয়া জাকিৰ হুছেইনে আৰক্ষীক খবৰ দিয়া বুলি সন্দেহ প্ৰকাশ কৰে ৷