নগাঁও, 13 ছেপ্তেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নীতি অনুসৰি মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ৷ ইয়াৰ মাজতে নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই অহা একংশ লোকক মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবেই আক্ৰমণৰ বলি হয় আৰক্ষী ৷
মাস্ক পৰিধান কৰিবলৈ কোৱা বাবেই আক্ৰমণ আৰক্ষীক - নগাঁৱত আৰক্ষীক প্ৰহাৰ যুৱকৰ
দেওবাৰে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী কনিষ্টবল ৰতন মুক্তিয়াৰে মাস্ক পৰিধান কৰিবলৈ কোৱা বাবেই একাংশ লোকে প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবলগৰাকীক ৷ ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে অজিত সিং নামৰ এজন যুৱকক ৷

মাস্ক পৰিধান কৰিবলৈ কোৱা বাবেই আক্ৰমণ আৰক্ষীক
উল্লেখ্য যে, দেওবাৰে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী কনিষ্টবল ৰতন মুক্তিয়াৰে লোকসকলক মাস্ক পৰিধান কৰিহে ওলাই আহিবলৈ কৈ থকাৰ সময়তেই একংশ উদণ্ড লোকে কৰ্তব্যৰত অৱস্থাতে প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবলগৰাকীক ৷ ইতিমধ্যে আৰক্ষী কনিষ্টবলগৰাকীৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আটক কৰিছে অজিত সিং নামৰ এজন যুৱকক ৷ কেৱল মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবেই কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা ঘটনাই সম্প্ৰতি চহৰখনত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য ৷
মাস্ক পৰিধান কৰিবলৈ কোৱা বাবেই আক্ৰমণ আৰক্ষীক