অসম

assam

By

Published : Nov 28, 2020, 4:03 PM IST

ETV Bharat / state

নগাঁও-কাৰ্বি আংলং সীমান্তত জব্দ মূল্যৱান চোৰাং কাঠ

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰ্কুপ পাহাৰত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ হয় । জব্দ হোৱা কাঠখিনিৰ মুল্য প্ৰায় তিনি লক্ষ্যাধিক টকা হ‘ব বুলি অনুমান কৰা হৈছে ।

nagaon wood_seized
নগাঁও-কাৰ্বি আংলং সীমান্তত জব্দ মূল্যৱান চোৰাং কাঠ

চামগুৰি, 28 নৱেম্বৰ :বন বিভাগৰ এক অভিযানত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰ্কুপ পাহাৰত বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ হয় । জব্দ হোৱা কাঠখিনিৰ মুল্য প্ৰায় তিনি লক্ষ্যাধিক টকা হ‘ব বুলি অনুমান কৰা হৈছে ।

নগাঁও-কাৰ্বি আংলং সীমান্তত জব্দ মূল্যৱান চোৰাং কাঠ
পাহাৰৰ মাজৰ ঘন জংঘলত চোৰাং ভাবে সৰবৰাহ কৰাৰ উদ্দেশ্যে কাঠ খিনি অসাধু চক্ৰই লুকোৱাই ৰখাৰ সন্দেহ কৰা হৈছে । ৰহস্যজনক ভাৱে ঘটনাস্থলীৰ পৰা অসাধু চক্ৰটোৰ এজনকো আটক কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলটোৱে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পাৰ্কুপৰ ৰেঞ্জাৰৰ চুড়ান্ত অকৰ্মণ্যতাৰ বাবে কাৰ্বি পাহাৰৰ পৰা বহু মূল্যৱান কাঠৰ গোপনে সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

লগতে পঢ়ক : আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details