চামগুৰি, 17 নৱেম্বৰ :ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ স্বামীগৃহত অকথ্য শাৰিৰীক নিৰ্যাতনৰ বলি হৈ মাতৃগৃহ পালেহি নগাঁৱৰ পুৰণিগুদামৰ এগৰাকী মহিলা ৷ ৰাজ্যৰ কোনোবা নহয় কোনোবা এলেকাত সদায়ে সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা ৷ অপহৰণ, ধৰ্ষণ, যৌতুকজনিত আদি বিভিন্ন কাৰণত শিশুৰ পৰা প্ৰাপ্তবয়স্ক সকলো শ্ৰেণীৰে মহিলাসকল সন্মুখীন হয় নিৰ্যাতনৰ ৷
এইবাৰ স্বামীগৃহত নিৰ্যাতনৰ সন্মুখীন হৈছে পুৰণিগুদামৰ চলচলিৰ বৰ্ণালী গোস্বামী নামৰ এগৰাকী বোৱাৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 2017 চনত নগাঁৱৰ পুৰণিগুদামৰ বৰ্ণালী গোস্বামীয়ে বিবাহপাশত আৱদ্ধ হৈছিল মৰাণৰ ৰাঙলী তৰাণী পথাৰ গাঁৱৰ ৰন্টুবল্লভ গোস্বামীৰ সৈতে ৷ আৰম্ভণিতে সকলো ঠিকে আছিল ৷
যৌতুক বিচাৰি চলালে নিৰ্যাতন কিন্তু লাহে লাহে তেওঁলোকৰ সম্পৰ্কত ঘূণে ধৰিবলৈ আৰম্ভ কৰে ৷ সম্পূৰ্ণ সামাজিকভাৱে যুগ্মজীৱনৰ পাতনি মেলা বৰ্ণালীয়ে স্বামীগৃহত সন্মুখীন হয় শাৰিৰীক-মানসিক নিৰ্যাতনৰ ৷ স্বামীৰ লগতে পৰিয়ালৰ আন সদস্যসকলে যৌতুক বিচাৰি বৰ্ণালীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা বুলি মহিলাগৰাকীয়ে সম্প্ৰতি অভিযোগ উত্থাপন কৰিছে ৷
বিষয় সন্দৰ্ভত বৰ্ণালীয়ে সকলো কথা পিতৃগৃহক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত পিতৃগৃহৰ লোকে সাধ্য অনুসৰি ৰণ্টুবল্লভ গোস্বামীক প্ৰদান কৰে নগদ ধন ৷ কিন্তু ইয়াৰ পিছতো পৰিয়ালটোৱে অত্যাচাৰ কৰিব নেৰিলে বৰ্ণালীক ৷ স্বামীগৃহত বৰ্ণালীক স্বামীৰ উপৰিও ককায়েক আৰু দুই বৌয়েকে অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ বৰ্ণালীক স্বামীৰ পৰিয়ালে 10 লাখ টকা বিচাৰি নিৰ্যাতন চলায় ৷ আনকি বিচৰা ধন আনি দিবলৈ অপাৰগ হোৱাৰ বাবে স্বামীয়ে শাৰিৰীক নিৰ্যাতন চলায় বৰ্ণালীৰ ওপৰত ৷
বিগত 10 নৱেম্বৰৰ দিনাও সংঘটিত হয় অনুৰূপ ঘটনা ৷ এই ঘটনাৰ পিছতে বৰ্ণালীয়ে মৰাণ থানাত স্বামীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন(IPC)ৰ অধীনত 498(A/506/323/294 ধাৰাত 99/2021 নম্বৰত গোচৰ ৰুজু কৰি স্বামী ৰণ্টুবল্লভ গোস্বামীক কৰায়ত্ত কৰে ৷
কিন্তু আৰক্ষীয়ে ৰহস্যজনকভাৱে বৰ্ণালীৰ স্বামীক মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি বৰ্ণালীৰ গোচৰটোৰ সন্দৰ্ভত কোনো লোকে যদি সাক্ষ্য প্ৰদান কৰিবলৈ আহে, তেন্তে তেনে লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলিও আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷
লগতে চাওক:গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave