নগাঁও, 10 জুলাই: বুধবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয় এক বিশেষ বৈঠক ৷ নগাঁও জিলাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাম-কাজ তদাৰক আৰু নিৰীক্ষণৰ উদ্দেশ্যে জিলা পৰ্যায়ৰ নিৰীক্ষণ আৰু তদাৰক সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ বুধবাৰে বিয়লি জিলা আয়ুক্ত তথা ডি এল ভি এম চি (DLVMC)ৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকখন ৷
বৈঠকৰ আৰম্ভণিতে এফ চি এছ আৰু চি এৰ ভাৰপ্ৰাপ্ত এ ডি চি পি হ্ৰংচালে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ তেওঁ কয় পি ডি এছৰ অধীনত থকা সামগ্ৰীসমূহ যাতে প্ৰকৃত আৰ্তজনৰ ওচৰলৈ যায় তাৰ বাবে বিভাগৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পিচত ডি ডি এছৰ এক চমু পি পি টি প্ৰস্তুত কৰা হয় ৷ ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকান বা জি পি এছ এছত এজেণ্টৰ অনিয়ম, এন এফ এছ এ ১৩ৰ অধীনত নতুন হিতাধিকাৰী নিৰ্বাচন, কেৰাচিন তেল বিতৰণ আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।