অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বন্য জীৱবোৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাজপথত নামিছে নগাঁও পৰিবহন বিভাগ

বাৰিষা আহিলেই পানীৰ তলত বুৰ যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ অধিকাংশ অঞ্চল ৷ ফলত কাজিৰঙাৰ বন্য জীৱ-জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ দিশে । এনে সময়চোৱাত যাতে বন্য জীৱবোৰ দুৰ্ঘটনাত পতিত হৈ যাতে বন্য জীৱবোৰ মৃত্যুৰ মুখত নপৰে তাৰ বাবে নগাঁও পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ৷

Nagaon transport department protects the wild animals of Kaziranga
কাজিৰঙাৰ বন্য জীৱ জন্তুক সুৰক্ষা প্ৰদান

By

Published : May 24, 2022, 2:28 PM IST

কলিয়াবৰ, 24 মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) ত সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ৷ লক্ষ্য কাজিৰঙাৰ বন্য জীৱ-জন্তুসমূহক সুৰক্ষা প্ৰদান কৰা (Nagaon transport department protects the wild animals of Kaziranga) ৷ কিয়নো ৰাজ্যৰ চৌদিশে এতিয়া কেৱল বানৰ সংহাৰ ৷ বাৰিষা আহিলেই পানীৰ তলত বুৰ যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

আলৈ-আথানি হয় বন্য জীৱবোৰৰ ৷ আনকি বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ-জন্তুসমূহ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ দিশে । এই সময়ছোৱাত কোনো জীৱ-জন্তু যাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত নপৰে, তাৰ বাবে সতৰ্কতা জাৰি কৰিছে নগাঁও পৰিবহন বিভাগে (Nagaon Transport Department at KNP) ৷ আনকি কাজিঙাৰ ৰাজপথত জিলা পৰিবহন বিভাগে বন্যপ্ৰাণী সুৰক্ষাৰ্থে দিনে-নিশাই তহল দি থকা দেখিবলৈ পোৱা গৈছে ৷

কাজিৰঙাৰ বন্য জীৱ জন্তুক সুৰক্ষা প্ৰদান

ইতিমধ্যে পৰিবহন বিভাগৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰে অহা-যোৱা কৰা সৰু-বৰ বাহনসমূহৰ চালকসকলক বানৰ সময়ত গাড়ীৰ গতিবেগ কমাই চলাবৰ বাবে আহ্বান জনাইছে ৷ লগতে এই সন্দৰ্ভত সজাগ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰে নগাঁও জিলা পৰিবহন বিভাগে ।

লগতে পঢ়ক :ৰাজ্যত প্ৰথমটো বানত আন্তঃগাঁথনিৰ ক্ষতি ৫০০০ কোটি টকা !

ABOUT THE AUTHOR

...view details