অসম

assam

By

Published : Jun 3, 2020, 9:22 PM IST

ETV Bharat / state

টেণ্ট হাউচ,কেটাৰিঙত জড়িতসকলক সাহাৰ্য দিয়াৰ দাবী চৰকাৰক

কৰ'ণাই জুৰুলা কৰিছে সকলোকে ৷ লক ডাউনৰ ফলত ব্যৱসায়ত ব্যাঘাত জন্মিছে ৰাজ্যৰ টেণ্ট হাউচ আৰু কেটাৰিঙত জড়িত লোসকলৰো ৷ সেয়ে তেওঁলোকে চৰকাৰক সাহাৰ্যৰ দাবী জনালে ৷ তেওঁলোকৰ মতে, চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা অনুসৰি ৫০জন লোকৰে বিয়া অনুষ্ঠিত কৰিলে আমাক কোনেও নামাতে।

টেণ্ট হাউচ,কেটাৰিঙত জড়িতসকলক সাহাৰ্য দিয়াৰ দাবী চৰকাৰক
টেণ্ট হাউচ,কেটাৰিঙত জড়িতসকলক সাহাৰ্য দিয়াৰ দাবী চৰকাৰক

নগাঁও, 3 জুনঃ ৫০ জন লোকৰ উপস্থিতিত বিয়া অনুষ্ঠিত হ'লে আমাক কোনেও নামাতে। এই বছৰটো আমাৰ এনেই গ'ল। বুধবাৰে নগাঁৱত এক আলোচনা সভা অনুষ্ঠিত কৰি এনেদৰেই ক'লে টেণ্ট হাউচ সন্থাই। কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবেই সমগ্ৰ দেশজুৰি জাৰি কৰা লক ডাউনে কৃষক,শ্ৰমিকসকলৰ লগতে জুৰুলা কৰিছে টেণ্ট হাউচ আৰু কেটাৰিঙৰ কামত জড়িত লোকসকলকো। লক ডাউনৰ মাজতেই পাৰ হৈ যোৱা বহাগ মাহত বিয়া অথবা বিহু আদি সকলো অনুষ্ঠান বাতিল হোৱাৰ বাবেই উপাৰ্জনৰ পথ বন্ধ হৈ পৰে টেণ্ট হাউচৰ সৈতে জড়িত মালিক কৰ্মচাৰীসকলৰ। যাৰ বাবে চৰকাৰে কৃষক,শ্ৰমিকসহ বিভিন্ন পৰ্যায়ৰ লোকক যিদৰে চৰকাৰী ঋণ অথবা সাহাৰ্য প্ৰদান কৰিছে একেদৰে টেণ্ট হাউচ আৰু কেটাৰিঙত জড়িত লোকসকলকো সাহাৰ্য প্ৰদানৰ দাবী জনায় টেণ্ট হাউচ সন্থাই।

টেণ্ট হাউচ,কেটাৰিঙত জড়িতসকলক সাহাৰ্য দিয়াৰ দাবী
লগতে চাওকঃ সনাতন ডেকাৰ ঘৰত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details