কলিয়াবৰ,১৬ জুন:বুধবাৰে কলিয়াবৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে । আৰক্ষী অধীক্ষকগৰাকীয়ে পৰিদৰ্শন কৰে কলিয়াবৰৰ বিভিন্ন প্ৰান্ত । লগতে সাংবাদিকৰ আগত কৰিলে কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য । অন্যান্য অপৰাধৰ লগতে দুচকীয়া বাহনৰে যাত্ৰা কৰোতে হেলমেট পৰিধান কৰিবলৈও আহ্বান লীনা দলেৰ ।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, দুচকীয়া বাহনৰ চালক-আৰোহীয়ে যান-বাহন আইনৰ প্ৰাথমিক নিয়ম পালন কৰি হেলমেট পিন্ধাটো বাধ্যতামূলক । যান-বাহন আইন পালন নকৰা চালক-আৰোহীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে আৰু এই স্থিতি বাহাল থাকিব(Assam Police against crime) । দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট পিন্ধি যান-বাহন আইনৰ প্ৰাথমিক নিয়ম পালন নকৰাৰ বাবে আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি জৰিমণা বিহিবলৈ বাধ্য হৈছে ।
তেঁও লগতে কয় প্ৰকৃততে আৰক্ষীয়ে দুচকীয়া বাহনৰ চালক-আৰোহীৰ প্ৰাণ সুৰক্ষিত কৰিবলৈ সজাগ কৰিছে কিন্তু তাৰ বিপৰীতে চালক-আৰোহীয়ে নিজৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা নলৈ জৰিমণা ভৰিছে । যিহেতু চালকৰ বা আন কাৰোবাৰ ভুলৰ বাবে যি কোনো সময়তে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, সেয়ে উন্নত মানদণ্ডৰ হেলমেট পিন্ধিলে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিব পাৰি ।
তদুপৰি, জ্যেষ্ঠসকলৰ দৰেই শিশুসকলকো যাতে হেলমেট পিন্ধাইহে মটৰ চাইকেলত উঠাই সুৰক্ষিত যাত্ৰা কৰে তাৰ বাবে আহ্বান জনাই লীনা দলেই । নগাঁও জিলা আৰক্ষীয়ে সমগ্ৰ জিলাতেই সদা সষ্টম হৈ ৰাইজক সজাগ কৰি তুলিবলৈ যত্ন কৰি আহিছে যদিও এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা তথা সচেতনতাইহে সকলোৰে জীৱন সুৰক্ষিত কৰিব পাৰিব ।