নগাঁও, 24 আগষ্ট: স্কুটী প্ৰদানক লৈ চৰকাৰক প্ৰলোভনৰ ৰাজনীতি নকৰিবলৈ সকীয়াই দি নগাঁৱত প্ৰতিবাদত নামিল ছাত্ৰসমাজ । নগাঁৱৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ সোমবাৰে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
এইবাৰ স্কুটি দিয়াৰ নামত ৰাজনীতি কৰাৰ অভিযোগ - ছাত্ৰ সমাজৰ প্ৰতিবাদ
মঙলবাৰে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰিছিল । উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সদ্যঘোষিত বাজেটত 'প্ৰজ্ঞান ভাৰতী এধাৰি মুকুতা' আঁচনিৰ জৰিয়তে ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থানত উৰ্ত্তীণ ২২ হাজাৰ ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল । ১৫ অক্টোবৰৰ ভিতৰত স্কুটি প্ৰদান কৰিব চৰকাৰে । প্ৰতিখন স্কুটিৰ বাবদ চৰকাৰে ব্যয় কৰিব ৫০-৫৫ হাজাৰ টকা।
স্কুটি দিয়াৰ নামত ৰাজনীতি কৰাৰ অভিযোগত চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ
হাতে-হাতে প্লেকাৰ্ড লৈ ছাত্ৰ-ছাত্ৰীসকলে কেৱল চলিত বৰ্ষৰে নহয় আগৰ বৰ্ষকেইটাৰ ছাত্ৰীসকলোকো স্কুটী প্ৰদানৰ দাবী উত্থাপন কৰে । লগতে নিৰ্বাচনৰ সময়ত এনে ঘৃণনীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈকো সংশ্লিষ্ট পক্ষক হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক: ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে