নগাঁও,১৬ মাৰ্চ:নগাঁৱৰ বঢ়মপুৰত উন্নয়ৰ নামত চমক । পদপথৰ কাষে কাষে লাগিছে চ'লাৰ লাইট । কিন্তু তাৎপূৰ্যপূৰ্ণ কথা এইয়ে যে বামুনীৰ পদপথৰ লাইটবোৰ যোৱা এমাহমানৰ পৰা ন’ ছাৰ্ভিছ ৰূপত পৰিণত হ’ল ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইট । স্থানীয় ৰাইজৰ অভিযোগ যে, বঢ়মপুৰৰ উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ বিষয়ববীয়া সকলে মিলি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰৰ ধন আত্মসাৎ কৰাৰ ফলতে এই অৱস্থা হয় ষ্ট্ৰীট লাইটৰ । মন্ত্ৰী ৰাজেন গোঁহাইয়ে পঞ্চায়তৰ পদপথত কেইবাটাও ষ্ট্ৰীট লাইট লগাইছিল যদিও এমাহৰ পিছতে বিকল হৈ পৰে লাইট সমূহ ।
এন্ধাৰনাশী ষ্ট্ৰীট লাইট এন্ধাৰৰ কৱলত - ৰাজেন গোহাঁই
ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইটৰ ফ্লপ শ্ব’ ৷ বামুনীৰ পদপথৰ লাইটবোৰ যোৱা এমাহমানৰ পৰা ন ছাৰ্ভিছ ৰূপত পৰিণত হল ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইট
vxd
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজেন গোহাঁইৰ সমৰ্থক সকলে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে যে নগাঁও লোকসভা সমষ্টিত 2000 পদপথৰ লাইট যোগান ধৰে । কিন্তু সেই লাইট এই লাইট যোগান ধৰিয়ে এতিয়া নিজৰ দায়িত্ব সামৰিলে নেকি মন্ত্ৰীগৰাকীয়ে ৷ পুনৰ সক্ৰিয় হৈ উঠিবনে এইসমূহ ষ্ট্ৰীট লাইট ।