নগাঁও,25 জুলাই : নগাঁৱত দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই। ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ কৰাৰ পাচতেই পোহৰলৈ আহিছে নগাঁৱত কৰ'ণাৰ ভয়াৱহতাৰ তথ্য। শেহতীয়াকৈ কৰ'ণাৰ হটস্পটত পৰিণত হৈছে নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ ষ্টেডিয়াম মাৰ্কেট। ষ্টেডিয়াম মাৰ্কেটত এতিয়া বিৰাজ কৰিছে কৰ'ণাৰ আতংকই। ষ্টেডিয়াম মাৰ্কেটৰ সুৰক্ষা মেডিকেল নামৰ এখন ফাৰ্মাচীৰ এজন কৰ্মচাৰীৰ দেহত ইতিমধ্যেই ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাচত শুকুৰবাৰে নিশা পোহৰলৈ আহিছে আন এখন ফাৰ্মাচীৰ কৰ্মচাৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।
কৰ’ণাৰ হটস্পটলৈ পৰিণত নগাঁও ষ্টেডিয়াম মাৰ্কেট - কৰ'ণাৰ হটস্পট
কৰ'ণাৰ হটস্পটলৈ পৰিণত নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেট । সাময়িকভাৱে বন্ধ ৰখা হৈছে ষ্টেডিয়াম মাৰ্কেটৰ ফাৰ্মাচী ।
nagaon-stadium-market
বৰোদা মেডিকেল নামৰ ফাৰ্মাচীখনৰো দুজন কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাচত হাহাকাৰ লাগিছে ব্যৱসায়িক এলেকাটোত । দৈনিক বহু লোকে ঔষধ ক্ৰয় কৰা ফাৰ্মাচী দুখনৰ কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ পজিটিভ নিশ্চিত হোৱাত আতংকিত হৈ পৰিছে ফাৰ্মাচী দুখনৰ গ্ৰহকো । সম্প্ৰতি প্ৰশাসনে ফাৰ্মাচী দুখন সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে।
লগতে পঢ়ক :পুনৰ ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ 6 জন কৰ’ণা পজিটিভ