নগাঁও, 18 মাৰ্চ :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ ভুৱা প্ৰশ্নকাকত ভাইৰেলক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি (HSLC Geography paper leak)।ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা সন্দৰ্ভত শনিবাৰে নগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ।
বিদ্যালয়সমূহৰ পৰিদর্শকৰ এজাহাৰৰ ভিত্তিত শনিবাৰে বিয়লি নগাঁও আৰক্ষীয়ে আটক কৰে আলী উপাধিৰ এজন অভিযুক্তক ৷ নগাঁও আৰক্ষীয়ে কৰা জেৰাত অভিযুক্ত যুৱকজনে সামাজিক মাধ্যমতহে ভূগোলৰ প্ৰশ্নকাকত পাইছিল বুলি স্বীকাৰোক্তি প্ৰদান কৰে । লগতে অভিযুক্ত যুৱকজনে কয় যে ভুৱা প্ৰশ্নকাকতখন তেওঁ সম্পাদনা কৰা নাছিল ৷
ইফালে সংবাদ মাধ্যমৰ আগত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে কয় যে, শনিবাৰে ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এক এজাহাৰ (FIR filed against accused paper leak incident) । এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত (Nagaon SP reacts on fake HSLC Geography paper leak) ৷