নগাঁও, 20 জানুৱাৰীঃ নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই স্পেচিয়েল অপাৰেচন টিম চমুকৈ এছ অ টি গঠন কৰি অপৰাধীৰ বিৰুদ্ধে বহুকেইটা সফলতা অর্জন কৰা অসমীয়া আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধিক দিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তদন্তকাৰী সংস্থা NIA ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব। নিজৰ কাৰ্যকালত চোৰ, ডকাইত, ড্ৰাগছ মাফিয়াকে ধৰি বিভিন্ন অপৰাধৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নেতৃত্বত । অপৰাধীৰ বিৰুদ্ধে কেৱল অভিযান চলোৱাই নহয় ৰাইজৰ মাজত বহু সময়ত সজাগতাৰ সৃষ্টি কৰিও অপৰাধীৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিছিল নগাওঁ আৰক্ষীয়ে ।
কৃতিত্বৰ জখলাত অসমীয়া IPS বিষয়া শংকৰ ব্ৰত ৰায় মেধি - SANKAR BRAT RAI MEDHI
ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ তদন্তৰ সন্মান লাভ কৰা অসমীয়া আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধি NIA ৰ দায়িত্বত। নগাঁৱত বিশেষ অভিযানকাৰী দল গঠন কৰি লাভ কৰিছিল বহু সফলতা। ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত কি কলে এই পি এছ বিষয়াগৰাকীয়ে।
![কৃতিত্বৰ জখলাত অসমীয়া IPS বিষয়া শংকৰ ব্ৰত ৰায় মেধি NAGAON SP APPOINTED AS A SP NIA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5777366-thumbnail-3x2-sankar.jpg)
NIA ৰ অধীক্ষকৰ দ্বায়িত্ব লোৱাৰ পূৰ্ৱে কি ক'লে আই পি এছ শংকৰ ব্ৰত ৰায় মেধিয়ে
ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাওঁ জিলা এলেকাৰ বুঢ়াপাহাৰত নগাওঁ আৰক্ষীৰ তৎপৰতাৰ বাবেই গঁড় চিকাৰ কৰিবলৈ সক্ষম হোৱা নাছিল চিকাৰী । দেশ কঁপাই যোৱা বটদ্ৰৱাৰ ধৰ্ষণ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি এমাহৰ ভিতৰতে নগাওঁ আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আদালতে দিছিল মৃত্যুদণ্ডৰ ৰায় । অসমীয়া যুৱক যুৱতীক ইউ পি এছ চি ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অধ্যয়ন কৰাৰ আহ্বান জনাই ছাত্ৰ ছাত্ৰীকো পৰ্যাপ্ত সহায় কৰিব বুলি ই টি ভি ভাৰতৰ সন্মুখত মন্তব্য কৰে আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধিয়ে।
NIA ৰ অধীক্ষকৰ দ্বায়িত্ব লোৱাৰ পূৰ্ৱে কি ক'লে আই পি এছ শংকৰ ব্ৰত ৰায় মেধিয়ে
Last Updated : Jan 21, 2020, 4:28 PM IST