অসম

assam

ETV Bharat / state

নগাঁৱত জাল নোট প্ৰস্তুত কৰা চক্ৰ গ্ৰেপ্তাৰ

অভিযানত এখন চুইফট ডিজায়াৰ গাড়ীৰে ধৃত চক্ৰটোৱে চামগুৰিৰ মোৱামাৰীৰ এক অজ্ঞাত স্থানলৈ প্ৰায় বিশ লক্ষাধিক নকল টকা আৰু নকল টকা চপা কৰা এটা মেচিনো সৰবৰাহৰ চেষ্টা কৰিছিল ৷

By

Published : Mar 7, 2020, 11:12 AM IST

Updated : Mar 7, 2020, 12:50 PM IST

নগাঁৱত পুনৰ জব্দ জাল নোট প্ৰস্তুত কৰা চক্ৰ
নগাঁৱত পুনৰ জব্দ জাল নোট প্ৰস্তুত কৰা চক্ৰ

নগাঁও,7 মাৰ্চঃ নগাঁও জিলাৰ চামগুৰিত সক্ৰিয় হৈ পৰিছে জাল নোট প্ৰস্তুত আৰু সৰবৰাহ কৰা এটা বৃহৎ দুষ্ট চক্ৰ । ক্ৰমশঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবেশিত হ'বলৈ ধৰা নগাঁৱৰ চামগুৰিত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা বিশেষ দলে চলোৱা এক অভিযানত উৎখাত হয় সম্প্ৰতি বৃহত্তৰ অঞ্চলটোত সক্ৰিয় হৈ থকা নকল টকা প্ৰস্তুত তথা সৰবৰাহ কৰা এটা অন্যতম অসাধু চক্ৰ। বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে চামগুৰিৰ মোৱামাৰিত চলোৱা অভিযান কালত বৃহৎ পৰিমাণৰ নকল নোট সহ এটা নকল টকা বনোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হয়।

নগাঁৱত জাল নোট প্ৰস্তুত কৰা চক্ৰ গ্ৰেপ্তাৰ

আৰক্ষীৰ এই অভিযানত এখন চুইফট ডিজায়াৰ গাড়ীৰে ধৃত চক্ৰটোৱে চামগুৰিৰ মোৱামাৰীৰ এক অজ্ঞাত স্থানলৈ প্ৰায় বিশ লক্ষাধিক নকল টকা আৰু নকল টকা চপা কৰা এটা মেচিনো সৰবৰাহৰ চেষ্টা কৰিছিল আৰু সেই খবৰ আৰক্ষীয়ে লাভ কৰি অতৰ্কিতে অঞ্চলটোত চলোৱা অভিযানত আৰক্ষীৰ জালত পৰে ধৃত চক্ৰটো । অভিযানত আৰক্ষীৰ দলটোৱে চুইফট ডিজায়াৰ গাড়ীখন জব্দ কৰাৰ লগতে লখিমপুৰ বিহপুৰীয়াৰ খাইৰুল ইছলাম আৰু শোণিতপুৰ ঢেকিয়াজুলিৰ আজিম উদ্দিন নামৰ দুজনকৈ অসাধু লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ নগাঁৱৰ চামগুৰিত নকল টকা প্ৰস্তুত কৰা কেইবাটাও অসাধু চক্ৰ আৰক্ষীয়ে উৎখাত কৰি আহিছে যদিও চামগুৰি আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই একাংশ অপৰাধীয়ে অতিশয় ৰহস্যজনক ভাৱে অবাধে চলাই গৈছে নকল নোটৰ ৰমৰমীয়া বেহা ।

লগতে চাওকঃ

কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলৰ মুক্তিৰ দাবী আছুৰ

Last Updated : Mar 7, 2020, 12:50 PM IST

ABOUT THE AUTHOR

...view details