অসম

assam

ETV Bharat / state

Nagaon Shahid Bhavan: নতুন ৰূপ পালে বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱনে - নতুন ৰূপত বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱন

এক নতুন ৰূপ লাভ কৰিলে । স্বাধীনতা আন্দোলন, অসম আন্দোলনৰ সাক্ষী বহন কৰা নগাঁও শ্বহীদ ভৱনটো জৰাজীৰ্ণ হৈ পৰা পৰিপ্ৰেক্ষিতত পুনৰ মেৰামতি কৰি নতুন ৰূপ দিয়া হয় । ৷

Nagaon Shahid Bhavan
নতুন ৰূপত বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱন

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 12:37 PM IST

নতুন ৰূপত বহু ঐতিহ্যবহনকাৰী নগাঁও শ্বহীদ ভৱন

নগাঁও, ২ অক্টোবৰ:এক নতুন ৰূপ লাভ কৰিছে বহু ঐতিহ্য বহন কৰা নগাঁও শ্বহীদ ভৱনে । জৰাজীৰ্ণ হৈ পৰা ১৩০ বছৰ গৰকা নগাঁও শ্বহীদ ভৱন মেৰামতি কৰি দিয়া হৈছে নতুন ৰূপ । উল্লেখ্য যে, ১৮৭৩ চনত অসমত উকীলসকলৰ বাবে আইনৰ পুথিভঁৰাল স্থাপনৰ যোজা চলিছিল । ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰীত নগাঁৱৰ দেৱানী আদালতৰ চিৰস্তাদাৰ ৰূদ্ৰৰাম দাসে এখন বিজ্ঞপ্তি প্ৰকাশ কৰিছিল । সেই বিজ্ঞপ্তিৰ প্ৰতি সঁহাৰি জনাই বহুকেইজন বিশিষ্ট লোকে নগাঁও আইন গ্ৰন্থাগাৰ স্থাপনৰ বাবে বৰঙণি আগবঢ়ায় ।

পৰৱৰ্তী সময়ত ১৮৯৪ চনত নগাঁও পৌৰসভা গঠন হয় । নগাঁও পৌৰসভাৰ সভাপতি আছিল তদানীন্তন জিলাৰ বৰচাহেব মিঃ জে চি আৰ বুঠানেট আৰু উপসভাপতি আছিল সেই সময়ৰ নগাঁও উকীল সন্থাৰ সভাপতি ৰাম দুৰ্লভ মজুমদাৰ । সেই সময়তে অসমীয়া ভাষা উন্নতি সাধিনী সভা নগাঁও জিলাত গঠন হৈছিল । স্বাভাৱিকতে সেয়ে নগাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰ লোকসকল একত্ৰিত হোৱাৰ বাবে আৰু গ্ৰন্থ সংৰক্ষণৰ বাবে এটা পুথিভঁৰাল তথা সভাঘৰৰ আৱশ্যকতা সকলোৱে অনুভৱ কৰিছিল ।

১৮৯৪ চনত নগাঁও উকীল সন্থাৰ সেই সময়ৰ সভাপতি তথা সেই সময়ৰ পৌৰসভাৰ উপসভাপতি ৰাম দুৰ্লভ মজুমদাৰ, মতিলাল বসু, পীতৰাম উকীল, অভয়চৰণ সাহা, কুতুবুদ্দিন আহমেদ, জানকীনাথ সেন, শিৱদেৱ গোস্বামী, ঘনশ্যাম বেজবৰুৱা আদিয়ে এটা ৰাজহুৱা সভাঘৰ আৰু পুঁথি সংৰক্ষণৰ উদ্দেশ্যৰে ৰাজহুৱা পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰে । ইংৰাজ বিষয়া কেপ্তেইন এইচ এম হেলিডে, কালিৰাম মেধি, চাৰ উত্তম চন্দ্ৰ দাস, পদ্মহাস গোস্বামী, অভিযন্তা বলিনাৰায়ণ বৰা আদিয়ে এই ৰাজহুৱা পুথিভঁৰাল স্থাপনত আগভাগ লয় ।

পুথিভঁৰাল স্থাপনৰ পিচত সেই সময়ৰ নগাঁৱৰ তদানীন্তন উপায়ুক্ত কেপ্তেইন এইচ এম হেলিডেয়ে অসমীয়া গ্ৰন্থ, বঙালী গ্ৰন্থ আৰু ইংলেণ্ডৰ পৰাও কিতাপ আনি পুথিভঁৰালটো পূৰ্ণাংগ কৰাৰ প্ৰচেষ্টা হাতত লয় । সেয়ে প্ৰথমে সভাঘৰটোৰ নাম হেলিডে হল আৰু পুথিভঁৰালটোৰ নাম পাব্লিক লাইব্ৰেৰী ৰখা হয় । পৌৰসভাৰ সভাসমূহ এই পুথিভঁৰালতে অনুষ্ঠিত হৈছিল । ১৮৯৪ চনৰ পৰা ১৮৯৭ চনলৈকে পুথিভঁৰালৰ তত্বাৱধায়ক আছিল নগাঁও পৌৰসভাৰ সেই সময়ৰ উপসভাপতি ৰাম দুৰ্লভ মজুমদাৰ ।

১৮৯৭ চনৰ পৰা ১৯০০ চনলৈকে তেতিয়াৰ পৌৰসভাৰ উপসভাপতি তথা প্ৰখ্যাত উকীল খানচাহাব কুতুবুদ্দিন আহমেদ তত্বাৱধায়ক আছিল । সেই সময়ত পৌৰসভাৰ এজন কৰ্মচাৰীয়ে পুথিভঁৰালটো খোলা-মেলা কৰিছিল । ১৯০৭ চন মানত আনন্দৰাম ভট্টাচাৰ্য প্ৰথম পুথিভঁৰালী হয় । নগাঁৱৰ সমাজ জীৱনৰ বিশিষ্ট ব্যক্তি মহীচন্দ্ৰ বৰা, ৰত্নকান্ত বৰকাকতী, হলধৰ ভূঞা, কমলানন্দ ভট্টাচাৰ্য আদি প্ৰথম পুথিভঁৰালী আছিল । দেশে স্বাধীনতা লাভ কৰাৰ পিচত স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাইজে আগবঢ়োৱা ধন, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পাইকাৰী জৰিমনাৰ ধন আদিৰে এটা স্থায়ী ভৱন নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয় ।

স্বাধীনতা দিৱস উদযাপন সমিতিৰ সভাপতি মতিৰাম বৰা, হলধৰ ভূঞা, বিদ্যাধৰ বৰুৱা, বিমলাকান্ত বৰা আদি গণমান্য ব্যক্তিসকলৰে এখন নিৰ্মাণ সমিতি গঠন কৰা হয় । হেলিডে হলৰ ভেঁটিতে নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰি হেলিডে হলৰ নাম 'মাৰ্টিয়াৰ্চ মেমৰিয়ছল হল' নামাকৰণ কৰা হয় । প্ৰয়াত গোপাল চন্দ্ৰ ৰায়ক নতুন ভৱন নিৰ্মাণৰ ঠিকা দিয়ে । ১৯৪৮ চনৰ ৭ মে'ত তেতিয়াৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে আধাৰশিলা স্থাপন কৰে । ১৯৫০ চনত এই ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় । ১৯৫০ চনত এই ভৱনৰ নাম হয় শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰী ।

তেতিয়াৰ ৰাজ্যপাল শ্ৰী প্ৰকাশে এই লাইব্ৰেৰী উদ্বোধন কৰিছিল । তেতিয়াৰ পৰা বৰ্তমানলৈকে এই ভৱন নগাঁও উকীল সন্থাৰ তত্বাৱধানত চলি আছে । ১৯৭৯ চনৰ অসম আন্দোলনৰ সময়ত চি আৰ পি এফে এই শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰী অধিগ্ৰহণ কৰাত এই পুথিভঁৰালত থকা বহু মূল্যবান গ্ৰন্থ নাইকিয়া হয় । বৰ্তমান শ্বহীদ ভৱন তথা পাব্লিক পুথিভঁৰাল পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্বত থকা অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে কয়, 'সম্পাদকৰ দায়িত্ব লোৱাৰ পিচতেই প্ৰায় ১৩০ বছৰ গৰকা এই পুথিভঁৰালটো পূৰ্বৰ ঐতিহ্য অটুট ৰাখি নবীকৰণৰ সপোন দেখিছিলো । নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক এই সম্পৰ্কে কৰা অনুৰোধত তেওঁ সমৰ্থন জনায় । ফলশ্ৰুতিত শ্বহীদ ভৱনে লাভ কৰে এক নতুন ৰূপ ।

লগতে পঢ়ক:Nalbari Hari Mandir Controversy: আদালতৰ পৰিবৰ্তে ৰাইজৰ কাঠগড়াত হৰিমন্দিৰ বিৰ্তকৰ সমাধান সূত্ৰ উলিওৱাৰ পোষকতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details