নগাঁও, ৩ অক্টোবৰ :১৩০ বছৰ গৰকা নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰী ন ৰূপত সজাই গান্ধী জয়ন্তীৰ দিনাই পুনৰ মুকলি কৰা হয় ৰাইজৰ বাবে । এক নতুন ৰূপ লাভ কৰা নগাঁও শ্বহীদ ভৱনটি সোমবাৰে উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই । নগৰ উন্নয়ন পুঁজিৰ প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰীৰ আধুনিকীকৰণ কৰা হয় ।
বছৰ বছৰ ধৰি মেৰামতি অভাৱত থকা শ্বহীদ ভৱনটি অৱশেষত বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত মেৰামতি আৰু আধুনিকীকৰণ কৰি এক নতুন ৰূপত সজাই তোলা হৈছে । ১৮৯৪ চনত পুথিভঁৰাল হিচাপে স্থাপন হৈছিল বৰ্তমানৰ শ্বহীদ ভৱন । উদ্যোগ লৈছিল সেই সময়ৰ নগাঁও পৌৰ সভাৰ উপ পৌৰপতি ৰাম দুৰ্লভ মজুমদাৰ, মতিলাল বসুৰ লগতে বহু বৰেণ্য ব্যক্তি । এই ক্ষেত্ৰত এজন ইংৰাজ বিষয়াৰ নামো উল্লেখযোগ্য ।
তেওঁ আছিল সেই সময়ৰ নগাঁও জিলা উপায়ুক্ত কেপ্তেইন এইচ এম হেলিড । হেলিড হল নামেৰে নামাকৰণ কৰা হৈছিল পুথিভঁৰালৰ সভাগৃহৰ । দেশে স্বাধীনতা লাভ কৰাৰ পিচত পুথিভঁৰালটো স্থায়ীভাৱে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১৮৮৪ চনত তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে আধাৰশিলা স্থাপন কৰিছিল বৰ্তমানৰ এই শ্বহীদ ভৱন অৰ্থাৎ সেই সময়ৰ হেলিড হল । ১৯৫০ চনতে সম্পন্ন হৈছিল নিৰ্মাণকাৰ্য ।