নগাঁও , ২১ মাৰ্চ :আজি ৰঙৰ উৎসৱ ফাকুৱা। মহাপুৰুষ গুৰুজনাই আৰম্ভ কৰাপৰম্পৰা অক্ষুণ্ণ ৰাখি প্রতি বছৰে বটদ্রৱাত উলহ-মালহেৰে উদযাপন কৰা হয় দৌল উৎসৱ । এই দৌল উৎসৱৰ প্রথম দিনটো গন্ধোৎসৱ বুলি কোৱা হয় ।
দৌল উৎসৱ উপলক্ষে উখল মাখল বটদ্ৰৱা - বটদ্ৰৱা
মহাপুৰুষ গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি প্রতি বছৰে বটদ্রৱাত উলহ-মালহেৰে উদযাপন কৰা হয় দৌল উৎসৱ । দৌলোৎসৱত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
আজি কৃষ্ণ গোসাঁইৰ আগত গায়ন বায়নে ধেমালি গীত পৰিবেশন কৰি গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ।বুধবাৰে নিশা গোবিন্দ গোসাঁইক গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভক্তসবে থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰত এটি অস্থায়ী গন্ধঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰন কৰি স্থাপন কৰে। ইয়াৰোপৰিও থলুৱা প্রাকৃতিক উপাদানেৰে প্রস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হয়। স্নান কাৰ্য সম্পাদনৰ পাচত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।উল্লেখ্য যে নিশা স্বাস্থ্য আৰু গড় কাপ্তানী মন্ত্রী ড' হিমন্ত বিশ্ব শর্মাই এক সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব ।