অসম

assam

ETV Bharat / state

গৰু ছিণ্ডিগেটৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান - নগাঁৱৰ আৰক্ষী অধীক্ষক

আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰাতত নগাঁৱত গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অব্যাহত অভিযান । আৰক্ষীৰ দলে অভিযান চলাই চোৰাং গৰুভৰ্তি চাৰিখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । লগতে কেইবাজনো লোকক আটক কৰে আৰক্ষীৰ দলটোৱে ।

NAGAON SCUTTLE STRAGGLING
গৰু ছিণ্ডিগেটৰ বিৰুদ্ধে অব্যাহত নগাওঁ আৰক্ষীৰ অভিযান

By

Published : Feb 4, 2020, 1:35 PM IST

নগাঁও, 4 ফেব্ৰুৱাৰীঃ নতুনকৈ যোগদান কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰতাত গৰু ছিণ্ডিগেটৰ বিৰুদ্ধে নগাওঁ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । প্ৰথমদিনাই ছয়খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত সোমবাৰে নিশা পুনৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলালে নগাওঁ আৰক্ষীয়ে । সোমবাৰে নিশা নগাওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ মোহন লাল মিনাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই চোৰাং গৰুভৰ্তি চাৰিখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । লগতে কেইবাজনো লোকক আটক কৰে আৰক্ষীৰ দলটোৱে । নগাঁৱৰ ৰূপহীহাটৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি ট্ৰাককেইখন । AS- 01 - FC- 7086, AS-01-JC-0686,. AS-_02-BC-3312 আৰু AS-02-BC-3553 নম্বৰৰ গাড়ীকেইখন জব্দ কৰে আৰক্ষীয়ে । উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পৰা নগাঁৱত গৰু ছিণ্ডিকেটৰ এটা চক্ৰ তৎপৰ হৈ পৰাৰ সময়তে নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰতাত ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযানে তথাকথিত বহু ৰাজনৈতিক অৰাজনৈতিক নেতাৰ নিদ্ৰা হৰিছে ।

ABOUT THE AUTHOR

...view details