নগাঁও, 13 অক্টোবৰ : সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। মঙলবাৰে নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰ ভূঞাপট্টিত । ভূঞাপট্টিস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে জব্দ কৰে বহুসংখ্যক এ টি এমৰ লগতে বহু নথিপত্ৰ । লগতে গ্ৰহকসেৱা কেন্দ্ৰটোৰ দুজনকৈ কৰ্মচাৰীকো সোধ পোচৰ বাবে আটক কৰে আৰক্ষীয়ে।
নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্ত - ভূঞাপট্টিস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ
ভূঞাপট্টিস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে জব্দ কৰে বহুসংখ্যক এ টি এমৰ লগতে বহু নথিপত্ৰ । লগতে গ্ৰহকসেৱা কেন্দ্ৰটোৰ দুজনকৈ কৰ্মচাৰীকো সোধ পোচৰ বাবে আটক কৰে আৰক্ষীয়ে।
নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্ত
জব্দ কৰা নথি আৰু এ টি এম জালিয়াতি নে প্ৰকৃত সেই সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষীৰ দলটোৱে।
লগতে পঢ়ক: পি. কে. দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ