অসম

assam

ETV Bharat / state

এম্বুলেঞ্চ থকা সত্বেও ঠেলাগাড়ীৰে ৰোগী কঢ়িওৱা এখন চিকিৎসালয়

নগাঁও জিলাৰ চাপানলাৰ ৰাজ্যিক চিকিৎসালয়ত ৰোগীক আনিব লগীয়া হয় ঠেলাগাড়ীত ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে ৰাইজৰ সেৱাৰ অৰ্থে থকা এম্বুলেঞ্চখন ৷

এখন চিকিৎসালয়
এখন চিকিৎসালয়

By

Published : Feb 26, 2020, 4:22 PM IST

নগাঁও, 26 ফেব্ৰুৱাৰীঃনগাঁও জিলাৰ চাপানলাত বৃহত্তৰ অঞ্চলবাসীৰ বাবে আছে এখন ৰাজ্যিক চিকিৎসালয়, আছে এখন এম্বুলেঞ্চ ৷ কিন্তু চিকিৎসালয়ৰ চৌহদৰ এটা কোণত পৰি ৰৈছে ৰাইজৰ সেৱাৰ বাবে থকা এম্বুলেঞ্চখন ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে এম্বুলেঞ্চখন ৷ যাৰ বাবে এতিয়া ৰোগীক আনিব লগীয়া হয় ঠেলাগাড়ীত ৷ জানিব পৰা মতে, স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক এই বিষয়ে অৱগত কৰিছে যদিও, চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহন কৰা নাই কোনো পদক্ষেপ ৷

এম্বুলেঞ্চ থকা সত্বেও ঠেলাগাড়ীৰে ৰোগী কঢ়িওৱা এখন চিকিৎসালয়

ABOUT THE AUTHOR

...view details