চামগুৰিত হত্যাকাণ্ড; অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ - samoguri murder
নগাঁৱত পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ দেওবাৰে পুৱাই দুয়োৰে মাজত হোৱা কাজিয়াৰ পৰিণতিত প্ৰাণ গ'ল ৰেচমাৰ । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী নুৰুল হকক ।
নগাঁও,29ছেপ্টেম্বৰঃ নগাঁৱৰ চামগুৰিৰ কুহুমতলিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে হত্যা কৰিলে পত্নীক । কুহুতলিৰ ৰেচমা বেগম নামৰ মহিলাগৰাকীৰ কেইবছৰমান পূৰ্বে বিবাহ হৈছিল একেখন গাঁৱৰে যুৱক নুৰুল হকৰ সৈতে । কিন্তু বিয়াৰ পাচৰ পৰা প্ৰায়েই দুয়োৰে মাজত হৈছিল কাজিয়া । ইপিনে দেওবাৰে পুৱাই স্বামী-স্ত্ৰীৰ মাজৰ কাজিয়াই ললে ভয়ংকৰ ৰূপ । দুয়োৰে মাজত হোৱা কাজিয়াৰ পৰিণতিত প্ৰাণ গ'ল ৰেচমাৰ । পাচত ঘটনাস্থলীত ততাতৈয়াকৈ শিৱস্থান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ৰেচমাৰ মৃতদেহ । উল্লেখ্য যে মৃতদেহটোৰ মুখমণ্ডলত স্পষ্ট হৈ আছিল আঘাতৰ চিন । ৰাইজৰ সন্দেহ প্ৰথমে স্বামী নুৰুলে ৰেচমাক মাৰধৰ কৰি পিছত বলপূৰ্বকভাবে বিহ খুৱাই হত্যা কৰিছে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী নুৰুল হকক ।