অসম

assam

ETV Bharat / state

ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড

কথমপি প্ৰাণ ৰক্ষা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত ক্ষোভিত ৰাইজ ৷

ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Nov 14, 2019, 5:34 PM IST

নগাওঁ,14 নৱেম্বৰ: নগাঁৱৰ ৰূপহীহাটত হঠাৎ হুৱাদুৱা লাগিল বৃহস্পতিবাৰে। ৰূপহীহাট তিনি আলিৰ জাতীয় বিদ্যালয়ৰ সমীপৰ এখন ফাৰ্মাচীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বিদ্যালয়ত শিশু দিৱসৰ কাৰ্যসূচী চলি থকাৰ সময়তে ফাৰ্মাচীখনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড

ইপিনে অগ্নিনিৰ্বাপক বাহিনীক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নোহোৱাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ পিচত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰাত ৰক্ষা পৰে বিদ্যালয়খনৰ লগতে বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান । এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ফাৰ্মাচীখনৰ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।

লগতে চাওক-শিশু দিৱসঃ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতি

ABOUT THE AUTHOR

...view details