নগাঁও, 18 জানুৱাৰীঃ সমাজ, সাহিত্য, সংগীত আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ৰূপান্তৰ বঁটা ৷ অনুষ্ঠানটোৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷ ষাঠিৰ দশকৰ পৰা নাট্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই অহা নগাঁৱৰ চকলাঘাটৰ নেত্ৰ কমল বৰঠাকুৰলৈ ৰূপান্তৰ শিল্পী সন্মান ২০১৯ প্ৰদান কৰা হয় ৷ একেদৰে নিৰলসভাৱে শাস্ত্ৰীয় সংগীত চৰ্চা কৰি অহা সাংস্কৃতিক সঞ্চালকালয়ৰ নগাঁও জিলা উন্নয়ন বিষয়া, মুনীন গোস্বামীক ৰূপান্তৰ সংগীত সন্মান২০১৯ প্ৰদান কৰা হয় ৷
নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ প্ৰদান 2019 বৰ্ষৰ 'ৰূপান্তৰ বঁটা' - গৌৰৱ কুমাৰ হাজৰিকা
নগাঁৱৰ ছয় গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ৰূপান্তৰ বঁটা ৷ ৰূপান্তৰ নামৰ অনুষ্ঠানটোৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত, সমাজ, সাহিত্য, সংগীত আদি বিভিন্ন ক্ষেত্ৰত এই বঁটাসমূহ প্ৰদান কৰা হয় ৷
ইয়াৰোপৰি ৰূপান্তৰ সাহিত্য সন্মান বঁটাপ্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক পূৰবী চক্ৰৱৰ্তী সূতলৈ,বিশিষ্ট কবি নিৰলা শইকীয়ালৈকাব্যৰত্ন সন্মান, সমাজ হিতৈষী সন্মান ধ্ৰুৱজ্যোতি বৰুৱা আৰু স্বৰ্গীয় কুকিল চক্ৰৱৰ্তী সোঁৱৰণী বঁটা গৌৰৱ কুমাৰ হাজৰিকালৈ ৷শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিনত এই বঁটা প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি, বঁটা প্ৰদান কৰে শংকৰী সাহিত্যৰ গৱেষক বিশিষ্ট সাহিত্যিক তিলকচন্দ্ৰ মজুমদাৰে ৷
লগতে পঢ়কঃদিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ সাজু 636 গৰাকী শিক্ষাৰ্থী