নগাঁও,9ছেপ্তেম্বৰঃ বুধবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে । ভাষিক সংখ্যালঘুৰ কথা কোৱা ৰাজ্যৰ বিজেপি চৰকাৰত নাই ব্রক্ষ্মপুত্ৰ ভেলীৰ এগৰাকী মন্ত্ৰী। ভাষিক সংখ্যালঘুসকল এতিয়া হিল দল ভাঙি যোগদান কৰিছে কংগ্ৰেছত। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সকলো শ্ৰেণীৰ লোকক সমান গুৰুত্ব দিয়া বাবেই এতিয়া ভাষিক সংখ্যালঘু সকলে কংগ্ৰেছত যোগদান কৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।
নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত ৰকিবুল হুছেইন - অৰুণোদয় আঁচনি
ভাষিক সংখ্যালঘুসকলকো প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে। বিজেপিৰ প্ৰৱঞ্চনা এতিয়া ৰাইজে বুজি পাইছে। নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘুৰ সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ চান্দা তোলা চৰকাৰে ক'ৰপৰা দিব অৰুণোদয় আঁচনিৰ ধন । প্ৰশ্ন ৰকিবুল হুছেইনৰ ।
![নগাঁৱত কংগ্ৰেছৰ ভাষিক সংখ্যালঘু বিভাগৰ সভাত ৰকিবুল হুছেইন nagaon rockybul hussain congress meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8740838-6-8740838-1599660386809.jpg)
শাসকীয় বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ লোককে প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি ৰকিবুল হুছেইনৰ মন্তব্য ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ এতিয়া এতিয়া ছয় জনগোষ্ঠীক ভাগ ভাগ কৰিছে। বিজেপিয়ে দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবেই এতিয়া ৮৩০ টকীয়া অৰুণোদয় আঁচনি ঘোষণা কৰিছে বিজেপি চৰকাৰে । অৰুণোদয় আঁচনি কেৱল নিৰ্বাচনী টুপ বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। মহামাৰী ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজৰ পৰা চান্দা উঠোৱা চৰকাৰে অৰুণোদয় আঁচনিৰ ধন ক'ৰপৰা খৰছ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৰকিবুল হুছেইনে।