অসম

assam

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত মৰণাস্ত্ৰসহ অভিযুক্ত গঁড় চিকাৰী

নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰৰ তৎপৰতাত শনিবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমপীৰ হাৰমতি অঞ্চলত চলা এক অভিযানত, দীপ মুৰা নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে, জব্দ কৰে  দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী ৷

অভিযুক্ত গঁড় চিকাৰী
অভিযুক্ত গঁড় চিকাৰী

By

Published : Feb 8, 2020, 7:38 PM IST

নগাঁও, 8 ফেব্ৰুৱাৰীঃনগাঁৱত এসপ্তাহ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা অভিজিত গুৰাৱৰ তৎপৰতাত তীব্ৰ কৰি তোলা হৈছে অপৰাধীৰ বিৰুদ্ধে অভিযান ৷ নকল সোণ, গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ চোৰাং চিকাৰীৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত, আজি পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমপীৰ হাৰমতি অঞ্চলত চলা এক অভিযানত আৰক্ষীৰ দলটোৱে, প্ৰদীপ মুৰা নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে, জব্দ কৰে দুটাকৈ ৰাইফল, এটা চাইলেন্সৰ আৰু ৮ জাই সজীৱ গুলী ৷

নগাঁও আৰক্ষীৰ জালত মৰণাস্ত্ৰসহ অভিযুক্ত গঁড় চিকা

ABOUT THE AUTHOR

...view details