অসম

assam

ETV Bharat / state

নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ - ক'ভিডৰ পৰীক্ষা

জিলাখনৰ ক'ভিড-১৯ আৰু জলজীৱন মিছনৰ প্ৰকল্পসমূহৰ পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ ।

নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ
নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ

By

Published : Jul 4, 2021, 12:55 PM IST

নগাঁও, 4 জুলাই :নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসমূহৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় । মন্ত্ৰী গৰাকীয়ে প্ৰথমতে জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লয় । ক'ভিড ভেকচিন প্ৰদানৰ লগতে সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষকৈ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা ৰেড জ'নসমূহত ক'ভিডৰ পৰীক্ষা তীব্রতৰ কৰি তুলিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

লগতে প্ৰয়োজন সাপেক্ষে অধিক ক'ভিড আক্ৰান্ত অঞ্চলসমূহত আইন-শৃংখলাৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ জিলা আৰক্ষী অধীক্ষক গৰাকীক নিৰ্দেশ প্ৰদান কৰে । জিলাখনৰ অধিক ক'ভিড আক্ৰান্ত ৰোগী থকা অঞ্চল ৰহাত ক'ভিড পৰীক্ষা অধিক ক্ষীপ্ৰতৰ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে । তদুপৰি নিজে এই ব্যৱস্থাৰ নিৰীক্ষণ কৰিব বুলিও উল্লেখ কৰে ।

ইয়াৰ লগতে এই পৰ্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে জিলাখনত চলি থকা জলজীৱন মিছনৰ প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় ।

নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ

মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক তেওঁলোকৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে । এই পৰ্যালোচনা সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলাখনৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদকে প্ৰমুখ্যে জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে, সভাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিষয়ত মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । বিশেষভাৱে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে চাইকেল চলোৱা আৰু অখিল গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ।

লগতে পঢ়কঃ কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ

ABOUT THE AUTHOR

...view details