নগাঁও, ২৮ অক্টোবৰ :নগাঁৱত নিজৰ গাঁঠিৰ ধনেৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিৰ্মাণ কৰিলে মন্দিৰ (Shiv Mandir constructed by own money) । ৫০ লাখ টকা ব্যয়েৰে শিৱ মন্দিৰ নিৰ্মাণত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক সহযোগিতা আগবঢ়ায় বন্ধুবৰ্গই । নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এক ব্যতিক্ৰমী প্ৰয়াস ।
যিটো সময়ত বৈষয়িক দিশৰ ওপৰত মানুহে অধিক মনোনিবেশ কৰা দেখা গৈছে, তেনে এক সময়তে এক আদৰ্শ দাঙি ধৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই (Nagaon ex police officer ideal work) । ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়ি মানুহে নিজৰ ভোগ-বিলাসতেই মত্ত থকাৰ সময়ত এইগৰাকী ব্যক্তিৰ এনে আধ্যাত্মিক কাৰ্য তথা ৰাইজৰ হকে কাম কৰাৰ মানসিকতাই সমাজত যে এতিয়াও ভাল মানুহ আছে তাৰে চানেকি দাঙি ধৰিছে ।
ব্যক্তিগত ধন-সম্পত্তি গঢ়াৰ বিপৰীতে ভগৱানৰ আৰ্শীবাদ বিচাৰি মন্দিৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল কুমাৰ বৰাই (Nagaon retired police officer constructed Shiv Mandir) । নগাঁও চহৰৰ সমীপৰ বিৰহ বেবেজিয়াৰ নিবাসী প্ৰফুল্ল কুমাৰ বৰাই ৫০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইলে অক্ষয় গুণ নামেৰে এটি আটক ধুনীয়া শিৱ মন্দিৰ ।