অসম

assam

ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত 'ফেৰীৱালা' - মুল অভিযুক্ত

বিগত ৩ মাৰ্চত নগাঁৱৰ কচুৱাত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত যুৱতীক দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত ফেৰীৱালা মুকলেচ আলী ।

আৰক্ষীৰ জালত "ফেৰীৱালা"

By

Published : Mar 11, 2019, 12:14 PM IST

নগাঁও, ১১মাৰ্চঃ অৱশেষত আৰক্ষীৰ জালত নগাঁৱৰ কচুৱাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মুল অভিযুক্ত ফেৰীৱালা ৷ দেওবাৰে নিশাৰ ভাগত কচুৱাৰ পৰা গ্ৰেপ্তাৰ হয় ফেৰীৱালা মুকলেচ আলী ৷

আৰক্ষীৰ জালত "ফেৰীৱালা"

উল্লেখ্য যে, নগাঁৱৰ কচুৱাত সংঘটিত ধৰ্ষণ কাণ্ডৰ মুল অভিযুক্ত আছিল ধৃত মুকলেচ আলী ৷ বিগত ৩ মাৰ্চত কচুৱাৰ লংজাপ মিলনপুৰৰ এগৰাকী মানসিকভাৱে বাধাগ্ৰস্তযুৱতীক হালধীআটিৰ পথাৰলৈ ফুচুলাই নি ওৰেনিশা দলবদ্ধ ধৰ্ষণ কৰিছিল মুকলেচ আলীসহ সাতগৰাকীকৈ অভিযুক্তই ৷ ইয়াৰে মফিদুল ইছলাম, মোবাৰক আলী, চাইদুল ইছলাম, আব্দুল বাৰেক আৰু জিয়াবুৰ ৰহমান নামৰ অভিযুক্তকেইজন আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও পলাই আছিল মুল অভিযুক্ত ফেৰীৱালা ওৰফে, মুকলেচ আলীয়ে ৷

অৱশেষত দেওবাৰে নিশা কচুৱা আৰক্ষী আৰু কামপুৰ আৰক্ষীৰ যৌথ অভিযানত কচুৱাৰ পৰাই গ্ৰেপ্তাৰ হয় মুকলেচ আলী নামৰ মুল অভিযুক্তটো ৷ উল্লেখ্য যে, ধৰ্ষণৰ পিচতেই কচুৱা আৰক্ষীৰ ভূমিকাক লৈ কচুৱা, কামপুৰ আৰু লংজাপ অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details