নগাঁও,12 এপ্ৰিলঃৰাজ্যৰ চৌদিশে আনন্দ উৎসৱৰ বিপৰীতে নিজম নিতাল পৰিৱেশ ৷ একেই পৰিৱেশ চেনিমাই, মইমত টাটিঙাৰ জন্মস্থান পুৰণিগুদামতো । প্ৰত্যেক বছৰে এমাহ পূৰ্বৰ পৰাই আখৰাত ব্যস্ত হৈ পৰে ডেকা গাভৰু । প্ৰত্যেক বছৰেই ঢোলৰ গুমগুমণি আৰু পেঁপাৰ মাতত মুখৰিত হৈ পৰা অঞ্চলটোত সেউজীয়া আভূষণৰ মাজত কুলি চৰাইৰ বিননীৰ বাহিৰে এইবেলি বসন্তৰ আগমনৰ বতৰা দিবলৈ নাই এহালো বিহু বলিয়া উন্মনা ডেকা গাভৰু । এইবেলি কেৱল প্ৰকৃতি আৰু কুলি চৰাইয়ে লৈ আহিছে বিহুৰ বতৰা ৷ তথাপিও কোনো আক্ষেপ নাই কোনো এজন অসমীয়াৰ । কাৰণ সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰী কৰ'ণাই সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ । কৰ'ণা আতংকৰ বাবেই এইবাৰ আনুষ্ঠানিকভাৱে বিহু নপতাৰ সিদ্ধান্ত লৈছে সকলোৱে কাৰণ জীয়াই থাকিলে ব'হাগ আকৌ আহিব আৰু বিহু অনুষ্ঠিত কৰিবলৈ সুবিধা আগলৈও পাব ৷
চেনিমাই, মইমত টাটিঙাৰ জন্মস্থানৰ বিহুতলীত নিজম পৰিৱেশ - পদুলিমুখত ৰঙালী
পদুলিমুখত ৰঙালী কিন্তু ৰাজ্যৰ ক'তোয়েই নাই আনন্দ উৎসৱ । উৰুঙা এইবাৰৰ উৰুকা । কৰ'ণা আতংকৰ বাবেই এইবেলি অনুষ্ঠানিকভাৱে বিহু নপতাৰ সিদ্ধান্ত লৈছে সকলোৱে ।
চেনিমাই, মইমত টাটিঙাৰ জন্মস্থান পুৰণিগুদামত নিজম পৰিৱেশ