নগাঁও, 2 ডিচেম্বৰ : ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰি ধৰিছে সমগ্ৰ নগাঁও চহৰ (Drugs again seedlings in Nagaon) ! দিনক দিনে যেন অৱনতি ঘটিছে নগাঁৱৰ আইন শৃংখলা (Law and order in Nagaon)। দিনক দিনে নগাঁৱত বৃদ্ধি পাইছে ক’লা ড্ৰাগছৰ বেহা (Drugs again seedlings in Nagaon) । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই নগাঁৱত প্ৰায়ে সংঘটিত হৈছে কেবাটাও অঘটন । তথাপিও যেন নগাঁও আৰক্ষীয়ে নাকী লগাব পৰা নাই বৰবিহ স্বৰূপ ড্ৰাগছৰ সাম্ৰাজ্য চলাই থকা ড্ৰাগছ ব্যৱসায়ীক ৷
এইবাৰ নগাঁও আৰক্ষীৰ বিপৰীতে নগাঁৱৰ ম’হখুলিত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে চলালে অভিযান । তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল ম’হখুলি অঞ্চলৰ ৰাইজ । স্থানীয় মহিলা সমিতিৰ নেতৃত্বত ৰাইজে চলোৱা অভিযানত মাইনুদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ ।
লগতে পঢ়ক :Charaideo police raid against Drugs: চৰাইদেউত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ