অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান - কা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান,গণস্বাক্ষৰ সংগ্ৰহ ৷

কা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান,গণস্বাক্ষৰ সংগ্ৰহ ৷

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান
অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান

By

Published : Mar 16, 2020, 2:40 PM IST

Updated : Mar 16, 2020, 3:01 PM IST

নগাঁও, 16 মাৰ্চঃনাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে কা বিৰোধী আন্দোলনত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈসহ আটাইকেইজন কাৰাবন্দীক মুক্তিৰ দাবীত সোমবাৰে নগাঁৱত গ্ৰহণ কৰে গণ অৱস্থান কাৰ্যসূচী । নগাঁৱৰ সচেতন ৰাইজৰ উদ্যোগত নগাঁও কলেজ পইণ্টত অবিৰত গণৱস্থান কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আৰম্ভ কৰিছে গণস্বাক্ষৰ। কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অখিল গগৈসহ কা বিৰোধী আন্দোলনত জড়িত হৈ কাৰাবন্দী হোৱা আটাইকেইজনক বিনা চৰ্তে মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে। অসমীয়া জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতিলেই ৰাষ্ট্রযন্ত্ৰই ষড়যন্ত্ৰমূলকভাৱে হেঁচা মাৰি ধৰা বুলি উল্লেখ কৰি অখিল গগৈৰ ওপৰতো ষড়যন্ত্ৰমূলক গোচৰ জাপি দিয়া বুলিও মন্তব্য কৰে গণৱস্থানত অংশগ্ৰহণ কৰা লোকে।

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত অবিৰত অৱস্থান
লগতে চাওকঃ

কৰ’ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ লোৱা ব্যৱস্থা হ’ব ফলপ্ৰসূঃ ইটালিয়ান ৰাষ্ট্ৰদূত

Last Updated : Mar 16, 2020, 3:01 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details