অসম

assam

By

Published : Jul 31, 2020, 4:03 PM IST

ETV Bharat / state

শ্বহীদ পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্ত দিয়ক:মানিক চন্দ্ৰ দেৱনাথ

অসম চৰকাৰৰ খালি হৈ থকা পদত শ্বহীদ পৰিয়ালক নিযুক্তি দিয়াৰ দাবী সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ৷ আজি এই সন্দৰ্ভত নগাঁও জিলা সাহিত্য সভা ভৱনত এখন সংবাদমেল সম্বোধন কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মানিক চন্দ্ৰ দেৱনাথে ৷

nagaon_press meet-The family of the martyred victim
শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্ত দিয়ক:মানিক চন্দ্ৰ দেৱনাথ

নগাঁও,31জুলাই:অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক স্থায়ী নিযুক্তি দিয়াৰ বাবে দাবী জনাই সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ৷

শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্ত দিয়ক:মানিক চন্দ্ৰ দেৱনাথ

অন্য এক খবৰৰ বাবে:ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক

শুকুৰবাৰে নগাঁৱৰ জিলা সাহিত্য সভা ভৱনত এখন সংবাদমেল আয়োজন কৰি এই দাবী উত্থাপন কৰিলে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মানিক চন্দ্ৰ দেৱনাথে । সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ অনুৰোধ জনাই কয় যে,অসম চৰকাৰৰ চুক্তি ৰূপায়ন বিভাগৰ নিৰ্দেশ মৰ্মে শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদ্যস্যসকলে জিলা উপায়ুক্তৰ পৰা সত্যতাৰ প্ৰমাণ পত্ৰ লৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্ম সংস্থাপন বিচাৰি প্ৰায় ৩১৫ জনে আবেদন জনাইছিল। কিন্তু,৩১০ জনেৰ মাত্ৰ ৫জন লোকেহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ।

যাৰ বাবে,শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ লোকসকল ক্ষোভিত হৈ অনাগত দিনত হ'বলগীয়া নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক নিযুক্তি দিবৰ বাবে সংবাদমেলৰ জৰিয়তে দাবী জনাই ৷

ABOUT THE AUTHOR

...view details