নগাও,7 মাৰ্চ: ৰহাৰ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উথ্থাপন কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে । বৃহস্পতিবাৰে কামপুৰত অনুস্থিত এখন সংবাদমেলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ৰহাত অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ বিশেষ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসে সাহিত্যসভাৰ নামত ব্যাপক পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ কৰে । সভাপতিগৰাকীয়ে সংবাদমেলত বিধায়কগৰাকীৰ বিৰুদ্ধে মত প্ৰকাশ কৰি কয় - যি সময়ত সাহিত্য সভাখন অনুস্থিত কৰিবৰ বাবে ৰহাবাসীয়ে আৰ্থিক সংকটত পৰিছিল তেনে সময়তে সমিতিলৈ অহা ধন ডিম্বেশ্বৰ দাসে আত্মসাৎ কৰি লৈছে । ইয়াৰ উপৰিও নগাওঁ জিলাৰ বিভিন্ন উন্নয়ণ খণ্ড, গড়কাপ্তানি বিভাগৰ কাৰ্যলয়কে ধৰি বিভিন্ন চৰকাৰী অনুস্থান-প্ৰতিস্থানে অভ্যৰ্থনা সমিতিলৈ আগবঢ়োৱা ধনসমূহ সমিতিৰ সম্পাদকক চমজাই নিদি নিজৰ হাততে ৰাখি থৈছে বুলি অভিযোগ উথ্থাপন কৰে বিধায়কগৰাকীৰ বিৰুদ্ধে । জাতীয় দলটোৱে সভাপতিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিব বুলি মত প্ৰকাশ কৰাৰ লগতে সাহিত্য সভাকো এই তদন্ত কৰিবলৈ দাবী জনায় ।
বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ - বিজেপি
কামপুৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে সংবাদমেল পাতি বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে সাংসদ ৰাজেন গোহাঁয় আৰু ব্যৱসায়ী জিতু গোস্বামীক সমালোচনা
বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ
ইফালে বিজেপি দল অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি ৰুবুল দাসে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু ব্যৱসায়ী জিতু গোস্বামীকো তীব্ৰ সমালোচনা কৰে । সংবাদমেলত সাংসদ ৰাজেন গোহাঁয়ক এজন নাৰী মাফিয়া আখ্যা দিয়াৰ লগতে ব্যৱসায়ী জিতু গোস্বামীক প্ৰতাৰক আৰু পলাতক আচামীৰ আখ্যা দিয়ে জাতীয় সংগঠনটোৰ সভাপতি ৰুবুল দাসে ।