নগাঁও,26 জুলাই: নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া অঞ্চলৰ এখন প্ৰাৰ্থমিক চিকিৎসালয়ে উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ৷ চিকিৎসালয় খন বৰ্তমান পৰিণত হৈছে জাবৰ পেলোৱা স্থানলৈ ৷ চামগুৰিৰ বৃহত্তৰ শিঙীয়া অঞ্চলকে আদি কৰি কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 2010 চনতে স্থাপন কৰা এই চিকিৎসালয় খনৰ অৱস্থা দেখিলে চকু কপালত উঠিব।
স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে সকলো জহি খহি যোৱাৰ উপক্ৰম হৈছে এতিয়া চিকিৎসালয় খনৰ৷ চামগুৰিৰ PHCৰ অন্তৰ্গত এই হাস্পতাল খনত সপ্তাহটোত এদিনৰ বাবে নিয়োগ কৰা হৈছে মাত্ৰ এজন ডাক্তৰ ৷ পৰীক্ষাগাৰকে আদি কৰি সকলো সুবিধা থকা হাস্পতালখনৰ দুৱাৰডলি দেখি নোপোৱা টেকনিছিয়ান জনক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।
ডাষ্টবিনলৈ পৰিণত হোৱা এখন চিকিৎসালয় এজন ফাৰ্মাচিষ্ট, এগৰাকী নাৰ্চ আৰু দুজন মান সাধাৰণ কৰ্মচাৰীৰ ওপৰত সকলো দায়িত্ব দি চামগুৰি PHC ৰ SDMHO জেৰিনা বেগমে দায়িত্ব সামৰিছে বুলিও ৰাইজে আক্ষেপ প্ৰকাশ কৰে। বহু চৰকাৰী ধন খৰছ কৰি ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খন অঞ্চলটোত স্থাপন কৰা হৈছিল যদিও চামগুৰিৰ PHC ৰ পৰিচালিকা গৰাকীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে ৰাইজ উপকৃত হ'ব পৰা নাই।
ডাক্তৰ আৰু নাৰ্চৰ বাবে বনোৱা কোৰ্ৱাটাৰ সমূহত বিশ্ৰাম লয় এতিয়া গৰু ছাগলীয়ে৷ অস্কিজেন চিলিণ্ডাৰ, বিছনা আদিৰ সামগ্ৰী আৰু বহু দৰকাৰী সামগ্ৰীও পোত গৈছে লেতেৰা আৱৰ্জনা আৰু মকৰা জালৰ মাজত। ইয়াৰোপৰি ঔষধৰ গুদামত পোৱা গৈছে ম্যাদ উকলি যোৱা দৰৱ৷ মুঠৰ ওপৰত বহু লাখ টকীয়া DJ জেনেৰেটৰকে আদি কৰি চিকিৎসালয় খনৰ প্ৰায়বোৰ দৰকাৰী সামগ্ৰী এতিয়া ধ্বংসৰ গৰাহত।