অসম

assam

ETV Bharat / state

নগাঁৱত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ - ড্ৰাগছ মুক্ত অসম

নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । দেওবাৰে ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীয়ে জব্দ কৰে কেইবা লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য । লগতে আৰক্ষীয়ে আটক কৰে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী ৷

নগাঁৱত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ
নগাঁৱত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

By

Published : Jun 20, 2021, 7:34 PM IST

নগাঁও,20 জুন :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ(DRUGS) তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান । ড্ৰাগছ(DRUGS)ৰ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱতো অব্যাহত আছে ড্ৰাগছ(DRUGS) বিৰোধী অভিযান ৷

দেওবাৰে নগাঁও আৰক্ষীয়ে ড্ৰাগছ(DRUGS) বিৰুদ্ধে চলাই এক গোপন অভিযান ৷ অভিযানত জব্দ কৰে বহু সংখ্যক নিচাজাতীয় দ্ৰব্য । যাৰ বজাৰ মূল্য হৈছে বহু লক্ষাধিক টকা ৷

নগাঁৱত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক কুমাৰৰ নেতৃত্বত এটা অভিযানকাৰী দলে প্ৰথমে বৰভেটিত চলাই অভিযান ৷ এই অভিযানত ড্ৰাগছ(DRUGS) ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত নজৰুল ইছলাম, লালচান্দ বাদশ্বাহ আৰু আতাবুৰ ৰহমান নামৰ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । তাৰ পিছত আৰক্ষীৰ দলটোৱে চুবুৰ উদ্দিন, নৰজুল ইছলাম, নুৰুল আমিন নামৰ আন তিনিজন ড্ৰাগছ(DRUGS) ব্যৱসায়ীক ক্ৰমে নাৰামাৰী, ভকতগাঁও আৰু চিলংনীৰ পৰা আটক কৰে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আটকাধীন ব্যক্তি কেইজনৰ পৰা তিনি হাজাৰটা ড্ৰাগছ(DRUGS)ৰ টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ 'ড্ৰাগছ মুক্ত' অসমৰ সপোন দেখা ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষী(ASSAM POLICE)য়ে আৰম্ভ কৰিছে অভিযান ৷ অবৈধ সৰবৰাহকাৰীৰ লগতে দৈনিক জব্দ কৰা হৈছে লাখ লাখ টকাৰ ড্ৰাগছ(DRUGS) তথা নিচাজাতীয় সামগ্ৰী ৷

অসম আৰক্ষী(ASSAM POLICE)য়েও ৰাজ্যখনক 'ড্ৰাগছ মুক্ত' কৰিবলৈ অবলম্বন কৰিছে বিভিন্ন পন্থা ৷ প্ৰতিদিনাই আৰক্ষীৰ জালতো পৰিছে বহু অপৰাধী ৷ নগাঁৱক ড্ৰাগছ(DRUGS) মুক্ত কৰিবলৈ উঠি পৰি লাগিছে নগাঁও প্ৰশাসন ৷ এক প্ৰকাৰে অপৰাধীৰ মূৰৰ কামোৰণি হৈ পৰিছে নগাঁও আৰক্ষী ৷

লগতে পঢ়ক:সুৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান

ABOUT THE AUTHOR

...view details