নগাঁও, 7 ডিচেম্বৰ :নগাঁৱত গঢ়ি উঠা ড্ৰাগছৰ ক'লা সাম্ৰাজ্য পুলিয়ে পোখাই উভালিবলৈ দিনক দিনে তৎপৰতা বৃদ্ধি কৰিছে নগাঁও আৰক্ষীয়ে । ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত বহু কুখ্যাত ব্যৱসায়ীক জেললৈ প্ৰেৰণ কৰাৰ পিছত এতিয়া একাংশ মহিলা ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ নগাঁও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে যে, স্বামী জেলত থকাৰ সময়ত পত্নীয়ে ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখে(Nagaon women indulged in drug business ) ।
মঙলবাৰে নগাঁও আৰক্ষীৰ এক অভিযানত জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত মহিলা । মঙলবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ(oc Taranga Patowary) নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ড্ৰাগছ ব্যৱসায়ত জড়িত দুই মহিলাক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ নাৰামাৰীৰ মৰজিনা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত মৰজিনা খাতুনৰ লগতে তছলিমা খাতুন নামৰ আন এগৰাকী মহিলাকো আটক কৰা হয় ।