নগাঁও, 15 এপ্ৰিল : গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা (Rhino poaching in Nagaon)। বিগত 26 মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ বাগৰিত সংঘটিত হৈছিল গঁড় হত্যাৰ ঘটনা । চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ । পিচৰ পৰাই বাগৰিৰ গঁড় চিকাৰৰ ঘটনাৰ অভিযান আৰম্ভ কৰিছিল নগাঁও আৰক্ষীৰ লগতে কাজিৰঙাৰ এছ টি এফৰ দলে ।
ইতিমধ্যেই বিশ্বনাথৰ পৰাও নগাঁও আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰি অভিযান অব্যাহত ৰাখিছিল । ইয়াৰ মাজতে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে এটা গঁড়ৰ খৰ্গ বিক্ৰীৰ এক খবৰ লাভ কৰিছিল ৷ উক্ত গোপন খবৰৰ ভিত্তিতেই নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গ্ৰাহকৰ ৰূপত অভিযান চলাই বটদ্ৰৱাৰ শান্তিজান বজাৰৰ পৰা ছাইদুল ইছলাম নামৰ এজন লোকৰ পৰা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Nagaon police raid against rhino poaching) ।
লগতে ম’বাইল ফোন, বাইক জব্দ কৰাৰ লগতে ছাইদুল ইছলামকো কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে ছাইদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত গঁড় হত্যাত জড়িত হাতেম আলী নামৰ আন এজন লোকৰ ঘৰতো নিশা অভিযান চলাই নগদ 50 হাজাৰ টকা জব্দ কৰাৰ লগতে জব্দ কৰে বহু অপত্তিজনক সামগ্ৰী ।