অসম

assam

ETV Bharat / state

পুৰণিগুদামত বৃহৎপৰিমাণৰ ড্ৰাগ্ছসহ আটক সৰবৰাহকাৰী

নগাঁৱৰ পুৰণিগুদামত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দুজনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

By

Published : Jul 9, 2020, 12:54 AM IST

Updated : Jul 9, 2020, 6:19 AM IST

NAGAON POLICE OPERATION AGAINST DRUGS
পুৰণিগুডামত বৃহৎপৰিমাণৰ ড্ৰাগ্ছসহ আট সৰবৰাহকাৰী

নগাঁও, 8 জুলাইঃ ৰাজ্যজুৰি কৰ‘ণাতংক অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া নিচাজাতীয় দ্ৰব্য আৰু নিচাজাতীয় ঔষধৰ সৰবৰাহৰ চেষ্টা চলাইছে একাংশ লোকে ৷ তেনে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ বাবে আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান ৷

পুৰণিগুদামত বৃহৎপৰিমাণৰ ড্ৰাগ্ছসহ আটক সৰবৰাহকাৰী

নগাঁও আৰক্ষীয়েও অব্যাহত ৰাখিছে নিচাজাতীয় ঔষধৰ বিৰুদ্ধে অভিযান । বুধবাৰে নগাঁৱৰ পুৰণিগুদামত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দুজনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত পুৰণিগুদাম ন-আলিমুৰৰ আলালউদ্দিন আৰু নগাঁৱৰ মধুপুৰৰ ৰফিকুল ইছলামক আটক কৰে আৰক্ষীয়ে । তদুপৰি ধৃত দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধো জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :ল’ক ডাউনত বাৰ্থ দ্যে পাৰ্টি খোৱা আৰক্ষী বিষয়াক চৰকাৰৰ শাস্তিমূলক বদলি

Last Updated : Jul 9, 2020, 6:19 AM IST

ABOUT THE AUTHOR

...view details