নগাঁও,19 ফেব্ৰুৱাৰী :অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে প্ৰায়েই সষ্টম ভূমিকা পালন কৰি আহিছে নগাঁও আৰক্ষীয়ে ৷ ড্ৰাগছ, নিচাযুক্ত সামগ্ৰী, নাৰীদেহ ব্যৱসায়ী চক্ৰ আদি উৎখাত কৰি সকলো প্ৰকাৰৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে বহুকেইটা অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Nagaon police continues to operation against crime) ৷
সম্প্ৰতি নিচাযুক্ত ঔষধ তথা ড্ৰাগছৰ বিৰুদ্ধে তীক্ষ্ন চকু ৰাখিছে নগাঁও আৰক্ষীয়ে (Nagaon police drive against crime) ৷ এইবাৰ নগাঁও চহৰৰ ১নং মোল্লাপট্টিত আৰক্ষীয়ে অভিযান চলাই আমিৰুল শ্বেখ(৩৪) নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে(Drugs seized at Nagaon)।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত অভিযান চলাই এই ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Nagaon police seized drugs) । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নগাঁও চহৰৰ পৰা গৰৈমাৰী অভিমুখে গৈ থকা AS০২-EC -৪৩৯১ নম্বৰৰ বাইকেৰে নিচাযুক্ত ঔষধ কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই সৰবৰাহকাৰী আলম আলী ওৰফে আদম কৰায়ত্ত কৰাৰ সময়তে সৰবৰাহকাৰী আলম আলী ওৰফে আদম বাইকৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয় ।
ইয়াৰ পিছতে, আঘাতপ্ৰাপ্ত আদমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱায় । আৰক্ষীয়ে আদমৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰে (Nagaon police raid against drugs) । শুকুৰবাৰে ধিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ধিঙৰ পানবাৰীৰ পৰা জহিৰুল ইছলাম ওৰফে জুল্টু নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে চাৰিটাকৈ চাবোন ভৰ্ত্তি বাকচসহ ৪৫ গ্ৰাম হিৰোইন আৰু এখন নম্বৰ প্লেট বিহীন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷
ধিং আৰক্ষীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি বৃহত্তৰ ধিং অঞ্চলত জহিৰুলৰ লগতে আন এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আছিল৷ সেয়ে শুকুৰবাৰে আৰক্ষীৰ অভিযানকাৰী দলটোক দেখি দুই ড্ৰাগছ সৰবৰাহকাৰী দৌৰি পলায়নৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে জহিৰুলক আটক কৰিবলৈ সক্ষম হয় ।
কিন্তু, আৰক্ষীৰ হাতৰ পৰা আনটো সৰবৰাহকাৰী পলাই সাৰিবলৈ সক্ষম হয় ৷ বৰ্তমান ধিং আৰক্ষীয়ে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জুল্টুক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ইপিনে, নগাঁৱৰ ৰহাতো আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰাৰ লগতে অবৈধ সৰবৰাহৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Nagaon Police: আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান